আকৌ অগ্নিগৰ্ভা মণিপুৰ, মেইটেই সংগঠনৰ নেতাক গ্ৰেপ্তাৰক লৈ উত্তাল ইম্ফল

ৰাষ্ট্ৰপতি শাসনৰ মাজতে আকৌ অগ্নিগৰ্ভা মণিপুৰ। মেইটেই সংগঠনৰ নেতাক গ্ৰেপ্তাৰক লৈ উত্তাল ইম্ফলৰ ৰাজপথ। ৫ দিনলৈ ৫ জিলাত কৰ্তন কৰি দিয়া হৈছে ইন্টাৰনেটয় সেৱা, জাৰি কৰা হৈছে সান্ধ্য-আইন ।
১০ দিনলৈ মণিপুৰ বন্ধৰ আহ্বান কৰিছে প্ৰতিবাদকাৰী সংগঠনে। 
জনতাৰ ক্ষোভৰ উদ্গীৰণ, প্ৰতিবাদৰ মাজত পুনৰ অগ্নিগৰ্ভা সংঘৰ্ষজৰ্জৰ মণিপুৰ। ৰাষ্ট্ৰপতি শাসনৰ মাজতেই ৰাজপথত ক্ষোভৰ জুই। 
উল্লেখযোগ্য যে ৰাজ্যখনৰ শেহতীয়া গোষ্ঠী সংঘৰ্ষত জড়িত থকাৰ গোচৰত শণিবাৰে নিশা নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মেইটেই জনগোষ্ঠীয় সংগঠন 'আৰাম্বাই টেংগল'ৰ মুখ্য সেনাধ্যক্ষ কান্নান সহ ৪ সদস্যক।এই খবৰ বিয়পি পৰাৰ লগেলগেই জাঙুৰ খাই উঠিল মেইটেই জনতা।নিশাই প্ৰতিবাদেৰে উত্তাল কৰি টোলে ইম্ফল। মণিপুৰৰ ৰাজধানী চহৰখনৰ বিভিন্ন প্ৰান্তত আৰাম্বাই টেংগলৰ সদস্যকে ধৰি হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ৰাজপথত বাহনত অগ্নিসংযোগ কৰাৰ লগতে টায়াৰ জ্বলাই পথ অবৰোধ কৰিলে ক্ষুব্ধ জনতাই। ইমানতে ক্ষান্ত নাথাকি নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিলে একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপৰ লগতে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হ'ল নিৰাপত্তাৰক্ষী। কিন্তু নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদ নিয়ন্ত্ৰণৰ প্ৰচেষ্টাক প্ৰত্যাহ্বান জনাই ৰাজপথতে গাত পেট্ৰ'ল ঢালি আত্মজাহৰ ভাবুকি দিলে প্ৰতিবাদকাৰী আৰাম্বাই টেংগলৰ সদস্যসকলে।
নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ, হতাহতিত আহত হ'ল বহু প্ৰতিবাদকাৰী।
উল্লেখযোগ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত ৰাজ্যপালৰ আহ্বান মৰ্মে মেইটেই সম্প্ৰদায়ৰ সংগঠন 'আৰাম্বাই টেংগল'ৰ তৰফৰ পৰা মণিপুৰ আৰক্ষীক অৰ্পন কৰা হৈছিল বিদ্ৰোহী সংগঠনটোৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ পাছত গোষ্ঠী সংঘৰ্ষৰ গোচৰত সংগঠনটোৰ নেতাক গ্ৰেপ্তাৰ কৰাক লৈ পুনৰ ক্ষোভত জাঙুৰ খাই উঠিল মেইটেই জনতা। ইতিমধ্যে প্ৰতিবাদকাৰী সংগঠনটোৱে ১০ দিনৰ বাবে ঘোষণা কৰিছে মনিপুৰ বন্ধ। পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত প্ৰশাসনৰ ফালৰ পৰাও গ্ৰহণ কৰা হৈ জৰুৰীকালীন ব্যৱস্থা। ৰাজ্যখনৰ ৫ খন জিলা ক্ৰমে, পূৱ ইম্ফল,পশ্চিম ইম্ফল,থাউবাল,কাকছিং আৰু বিষ্ণুপুৰত ৫ দিনলৈ কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা। উত্তেজনা বিৰাজ কৰা পাঁচোখন জিলাতেই সান্ধ্য-আইন জাৰি কৰিছে প্ৰশাসনে।।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *