গাঁৱৰ সম্পত্তিৰ ওপৰত নজৰ ৰাখিবলৈ এক অভিনৱপন্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে

Aadhaar Property Linking: গাঁৱৰ সম্পত্তিৰ ওপৰত নজৰ ৰাখিবলৈ এক অভিনৱপন্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। গ্ৰামাঞ্চলত থকা ভূমিৰ গৰাকীয়ে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব সম্পত্তিৰ তথ্য। গাঁৱৰ ভূমিৰ তথ্যৰ ওপৰত স্বচ্ছতা আনিবলৈ ৰাজ্য চৰকাৰক ভূমিৰ ডিজিটাইজেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ। যদি কোনো লোকে স্বেচ্চাই গাঁৱত থকা নিজৰ সম্পত্তিৰ তথ্য চৰকাৰক দিব বিচাৰে তেন্তে আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব সম্পত্তিৰ তথ্য।গাঁৱৰ সম্পত্তি আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিবলৈ কোনো লোকৰ ওপৰত বলপূৰ্বক নীতি গ্ৰহণ নকৰে কেন্দ্ৰীয় চৰকাৰে।
গ্ৰামাঞ্চলৰ ভূমিৰ সন্দৰ্ভত সকলো তথ্য ডিজিটাইজেশ্যন কৰিব ৰাজ্য সমূহলৈ ২,৭০০ কোটি টকা আৱন্তন দিব কেন্দ্ৰীয় চৰকাৰে। গ্ৰামাঞ্চলৰ ভূমি যাতে কোনো লোকে বলপূৰ্বকভাবে দখল কৰিব নোৱাৰে বা গাঁৱৰ ভূমি ব্যৱহাৰ হৈ থকা কাৰণ নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰামাঞ্চলৰ ভূমিৰ স্বচ্ছতা আনিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল কেন্দ্ৰীয় চৰকাৰে।  গ্ৰামাঞ্চলৰ ভূমিৰ তথ্যত স্বচ্ছতা তথা ডিজিটাইজেশ্যন প্ৰক্ৰিয়াৰে নতুন মাত্ৰা দিবলৈ ব্যৱহাৰ কৰা হ'ব 'পি এম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন' প'ৰ্টেল। ৰাজ্যখনৰ বিভিন্ন গ্ৰামাঞ্চলত হাতত লোৱা উন্নয়নমূলক কাম-কাজৰ তথ্য আপলোড কৰা হ'ব প্ৰধানমন্ত্ৰী গতিশক্তি প'ৰ্টেলত।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *