পাৰমাণৱিক শক্তিৰ পৰীক্ষণ কৰি দেশজুৰি গুৱাহাটী বিশ্ববিদ্যালয়ে সৃষ্টি কৰি চাঞ্চল্য

পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সম্পন্ন কৰি চমকপ্ৰদ সাফল্য লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। ভি ই চি চি ছুপাৰ কণ্ডাষ্টিং চাইক্ল'টন ব্যৱহাৰ কৰি পৰীক্ষা চলাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ দলে। পদাৰ্থৰ মৌলিক কণিকাৰ মাজত সংঘৰ্ষ ঘটাই চমকপ্ৰদ পৰীক্ষণ সম্পন্ন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে। শেহতীয়াকৈ কলকাতাৰ ভেৰিয়েবল এনাৰ্জি চাইক্ল’ট্ৰন চেণ্টাৰত আৰম্ভ হৈছিল ছুপাৰকণ্ডাক্টিং চাইক্ল’ট্ৰন। 
এই ছুপাৰ কণ্ডাষ্টিং চাইক্ল'টন ব্যৱহাৰ কৰি পৰীক্ষা-নিৰীক্ষা চলোৱা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়। গধুৰ মৌলৰ সংশ্লেষণ বৃদ্ধি কৰাৰ লগতে ভৱিষ্যতে পাৰমাণৱিক ৰিয়েক্টৰ গঠনৰ সম্ভাৱনাৰ বাট দেখুৱালে এই পৰীক্ষণে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পৰীক্ষণে ভৱিষ্যতলৈ পৰমাণুৰ আচৰণৰ সম্পৰ্কে অধ্যয়নৰ বাট মুকলি কৰিলে ।
উল্লেখযোগ্য যে,এই গৱেষণাৰ নেতৃত্ব দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ  পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক কুশল কলিতাই।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *