কেজৰিৱালৰ 'ছিছ মহল'ৰ পাছত চৰ্চাত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ 'মায়া মহল'। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা থাকিব ৪ একৰ মাটিত ৩০ টা কোঠাৰ ২ টাকৈ বাঙলোত। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নামত আৱন্তন দিয়া বাঙলো দুটাক 'মায়া মহল' আখ্যা দিলে আম আদমী পাৰ্টিয়ে।
পুনৰ মেৰামতি কৰা হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নামত আৱন্তিত বাঙলোৰ ।দিল্লীৰ ৰাজ নিৱাস মাৰ্গত থকা বাঙলোত সংস্থাপিত কৰা কৰা হৈছে ১৪ টা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক জেনেৰেটৰ।
৩৩ কোটি টকা ব্যয় সাপেক্ষে অৰবিন্দ কেজৰিৱালে নিৰ্মাণ কৰা 'ছিছ মহল'ক সমালোচনা কৰিছিল বিজেপিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা থাকিব লগা এই বাঙলো দুটাক সজাই তোলাৰ নামত খৰচ কৰা হৈছে ৪৭ কোটি টকা। অৰবিন্দ কেজৰিৱালৰ 'ছিছ মহল'ক লৈ দিল্লীৰ বিধানসভা নিৰ্বাচনত সৰৱ হোৱা বিজেপিৰ মুখ্যমন্ত্ৰীৰ বাঙলোক লৈ সৃষ্টি হৈছে বিতৰ্ক।