ক্ষতি পূৰণ দাবীৰে নীপকোৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

 লখিমপুৰৰ ৰঙানদীৰ বুকুত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ। লখিমপুৰ নগৰৰ সমীপৰ পাঁচ নৈ অঞ্চলৰ ৰঙানদীৰ দলঙৰ তলত দেওবাৰে বিয়লি নদীৰ বুকুত  নামি ক্ষতি পূৰণ দিয়াৰ লগতে নীপকো জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়ক বুলি প্ৰতিবাদ কৰে অসমীয়া যুৱ মঞ্চ আৰু বান বিধ্বস্ত ৰাইজে।
অসমীয়া যুৱ মঞ্চৰ উদ্যোগত আৰু বান বিধ্বস্ত ৰাইজৰ সহযোগত আজি বিয়লি পাঁচমান বজাত এনেদৰে নদীৰ বুকুত নীপকোৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী ৰাইজে নীপকোৰ বিৰুদ্ধে চুড়ান্ত ক্ষোভ প্রকাশ কৰি বান বিধ্বস্ত ৰাইজৰ ক্ষতি পূৰণ দিবলৈ দাবী জনায়। একেদৰে চৰকাৰকো পৰ্যাপ্ত সাহায্য দিয়াৰ দাবী জনায়। 
 অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়াই  নীপকোৰ বান্ধটো  ভাঙি দিয়ক বুলি দাবী জনাই কয়, নীপকোৱে পানী এৰি দি ক্ষতি গ্ৰস্ত কৰা লোকসকলক উচিত ক্ষতি পুৰণ দিয়ক। নীপকোৱে কোনো ধৰণৰ আগতীয়া খবৰ নিদিয়ীকৈ মন গ'লেই নিশা এক দুই বজাতো পানী এৰি দিয়ে। যাৰ বাবে ৰঙা নদী পৰীয়া ৰাইজৰ বিস্তৰ ক্ষতি হৈছে। এই সকল লোকক নীপকোৱে ক্ষতি পূৰণ দিবই লাগিব। অন্যথা দলঙৰ ওপৰৰ পৰা জপিয়াই আত্মবলিদান দি নীপকোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব হুমকাৰ দিয়ে ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *