তেজপুৰৰ ভোজখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।উদণ্ড বাইকৰ খুন্দাত থিতাতে নিহত এজন লোক। গুৰুতৰ ভাৱে আহত দুই বাইক আৰোহী। তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ভোজখোৱা চেন্টাৰত বিয়লি ২ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
ভোজখোৱা চাপৰিৰ পৰা ভোজখোৱা অভিমুখে আহি থকা AS 12 AK 5728 নম্বৰৰ R15 বাইকখনে চাইকেল আৰোহী এজনক খুন্দা মৰাৰ ফলত চাইকেল আৰোহী নুৰ হাজৰিকাৰ থিতাতে নিহত হয়। লগতে বাইক আৰোহী দুজনো গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
তৎক্ষণাৎ ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত আঘাতপ্ৰাপ্ত দুজনক চিকিৎসালয়ত প্ৰেৰণ কৰে।