ড'নাল্ড ট্ৰাম্পৰ অনুপ্ৰৱেশ বিৰোধী অভিযানৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈছে ভাৰতীয় ছাত্র। মাটিত বগৰাই মাৰ্কিন আৰক্ষীয়ে ভাৰতীয় ছাত্ৰৰ হাতত লগালে হেণ্ডকাফ। ভাৰতীয় ছাত্র গৰাকীক স্বদেশলৈ ঘূৰাই পঠাবলৈ মাৰ্কিন প্ৰশাসনে কৰিছে অমানৱীয় তথা গৰিহণাৰ যোগ্য কাণ্ড। মাৰ্কিন আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি মজিয়াত পৰি থকাৰ অৱস্থাৰ পৰাই কান্দি কান্দি সহায় বিচাৰিলে ভাৰতীয় ছাত্র জনে। আমেৰিকাত অধ্যয়ন কৰিবলৈ যোৱা ভাৰতীয় ছাত্ৰৰ এতিয়া হাহাকাৰ অৱস্থা। কুণাল জৈন নামৰ এগৰাকী ব্যক্তিয়ে আমেৰিকাত থকা ভাৰতীয় দূতাবাসৰ দৃষ্টিগোচৰ কৰিবলৈ দৃশ্য বন্দী কৰিছিল কেমেৰাত।
আমেৰিকাত অধ্যয়ন কৰিবলৈ যোৱা অসহায় ভাৰতীয় জনক সহায় কৰিবলৈ কুণাল জৈনে আহ্বান জনালে ভাৰতীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক। আমেৰিকাৰ আৰক্ষীয়ে নিউয়ৰ্কত বিমানবন্দত ভাৰতীয় ছাত্র জনৰ সৈতে এনে ভয়ংকৰ কাণ্ড কৰা বুলি অভিযোগ কুণাল জৈনৰ । কুণাল জৈনৰ অভিযোগ,তেওঁৰ চকুৰ সন্মুখতে ভাৰতীয় ছাত্র জনক মজিয়াত বগৰাই আৰক্ষীয়ে হেণ্ডকাফ লগাইছিল হাতত। 'ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টৰ অভিযান'ৰ অধীনত আমেৰিকাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শতাধিক বিদেশী নাগৰিকক।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে আমেৰিকাক বিদেশীমুক্ত কৰিবলৈ গৈ যেন শলঠেকত পৰিছে ডনাল্ড ট্ৰাম্প। আমেৰিকাত শতাধিক সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ পাছত গণ ক্ষোভৰ উদগীৰণ লছ এঞ্জেলছত। আমেৰিকাৰ আৰক্ষীৰ হাতত হাৰাশাস্তিৰ সন্মুখীন হোৱা ভাৰতীয় ছাত্ৰ জন হাৰিয়ানাৰ বুলি দাবী কৰি ছ'চিয়েল মিডিয়াত ভিডিঅ' পোষ্ট কৰিছিল কুণাল জৈন নামৰ ব্যক্তি গৰাকীয়ে।ভাৰতীয় ছাত্ৰ জনৰ সৈতে অপৰাধীৰ দৰে আমেৰিকাৰ আৰক্ষীয়ে কৰা ব্যৱহাৰক লৈ ভাৰতত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । ইতিমধ্যে প্ৰব্ৰজনকাৰীৰ বিতাড়নক লৈ অগ্নিগৰ্ভা আমেৰিকা লছ এঞ্জেলছ, নিউয়ৰ্কত ধ্বংসাত্মক প্ৰতিবাদএকাংশৰ। ৰাজপথত জ্বলিছে বাহন, চলিছে আৰক্ষীৰ লাঠি, নিক্ষেপ কৰিছে কন্দুৱা গেছ।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০০০ নেচনেল গাৰ্ড নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে।তাৰোপৰি তেওঁ প্ৰতিবাদ অব্যাহত থাকিলে সকলোতে সৈন্য মোতায়েন কৰা হ’ব বুলি সকীয়াই দিছে।