পত্নীক ৰক্ষা কৰিবলৈ গৈ ভয়ংকৰ আক্ৰমণৰ বলি হ'ল স্বামী

পত্নীক ৰক্ষা কৰিবলৈ গৈ ভয়ংকৰ আক্ৰমণৰ বলি হ'ল এগৰাকী স্বামী। বিতু নামৰ এগৰাকী লোকে হা*নি খু*চি আক্ৰমণ কৰিলে চাহাদুল ইছলামক। বিতুয়ে চোকা অস্ত্ৰৰে‌ আক্ৰমণ কৰিলে চাহাদুল ইছলামক। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বোৱালীমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আহত চাহাদুল ইছলামক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । 
অভিযোগ অনুসৰি বিতু নামৰ লোকজনে ৰাজপথত তীব্ৰ বেগেৰে বাইক চলাই চাহাদুলৰ‌ পত্নীক অশ্লীল ইংগিত দিছিল। তাৰ‌ পাছতে বিতুক বাধা প্ৰদান কৰিবলৈ গৈছিল স্বামী চাহাদুল ইছলাম। বিতুক বাধা প্ৰদান কৰিব যোৱাৰ বাবে চাহাদুলক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই‌ ঘটনাক কেন্দ্ৰ কৰি‌ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *