"মই চাপৰ বাবেই বিয়াৰ দুদিন পিছৰ পৰা মোক নাৰাখো বুলি কৈছে, মোৰ সৰু ভন্টী ওখ সেইকাৰণে মোৰ স্বামীক তাইক লাগে, ডাঙৰ ককায়েকৰ পত্নী নথকাৰ বাবে মোক ককায়েকৰ লগত থাকিবলৈ কৈছে, মোক এতিয়া ঘৰৰ পৰা উলিয়াই দিলে"। চাপৰ হোৱাই কাল হ'ল এগৰাকী পত্নীৰ বাবে।
জোখতকৈ পত্নী চাপৰ হোৱাৰ বাবেই এজন স্বামীৰ অদ্ভুত কাণ্ড। পত্নী চাপৰ হোৱাৰ বাবেই বিয়া হোৱা দুদিনৰ পিছৰ পৰাই পত্নীক শাৰিৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ। পত্নীৰ লগত কেইবাটাও মধুচন্দ্ৰিকাৰ নিশা উদযাপন কৰিলে স্বামীয়ে। কিন্তু এইটো ধুৰন্ধ স্বামীৰ আকৌ অভিযোগ বিয়াৰ পূৰ্বে পত্নীৰ অইন পুৰুষৰ লগত সমন্ধ থকাৰ। এগৰাকী নাৰীৰ সতীত্বত আঘাত সনাৰ পাছত বিয়াৰ মাত্ৰ সাতটা দিন পিছত ঘৰৰ পৰা উলিয়াই দিলে পত্নীক কাৰণ পত্নী জোখতকৈ চাপৰ। কিন্তু তাৰ পৰিৱৰ্তে পত্নীৰ ওখ ভগ্নীকহে লাগে স্বামীক। পাষণ্ড স্বামী ৰাজকুমাৰ দাসে নিজ পত্নীক নিজৰ ককায়েকৰ লগত থাকিবলৈ কৈ এইবাৰ পত্নীৰ ওখ ভগ্নীৰ লগতহে সম্পৰ্ক গঢ়াৰ মন । পূৰ্বে দুবাৰকৈ বিয়া পতা ককায়েকৰ ওপৰতো আছে একেই অভিযোগ। দুয়ো পত্নীক বেয়া ব্যৱহাৰ কৰাৰ বাবে দুয়ো পত্নী ঘৰৰ পৰা গুচি যোৱাৰ অভিযোগ আছে ককায়েকৰ ওপৰত। আৰু সেই ককায়েকৰ লগত পত্নীক থাকিবলৈ কৈ ওখ ভগ্নীক বিয়া পতাৰ মন লম্পদ স্বামীৰ। যদি এনে নহয় তেন্তে পত্নীৰ ডিঙি কাটি দিয়াৰ হুংকাৰ স্বামীৰ।কিন্তু ধুৰন্ধৰ স্বামীয়ে পত্নীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পূৰ্বে অসৎ চৰিতাৰ্থ পূৰণ কৰাৰো আছে অভিযোগ।
পত্নীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত বুজা পৰা কৰি পুলিচে পত্নীক স্বামীৰ ঘৰত থৈ যায় যদিও স্বামীৰ মাকে পুনৰ বৰ ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ। স্বামীৰ গৃহত ৰেকৰ্ড আগৰে পৰাই বেয়া বুলি জানিবলৈ দিয়ে ওচৰ চুবুৰিয়াই। আনকি স্বামীৰ গৃহক সমাজৰ পৰা এঘৰীয়া কৰা আছে বুলি জানিবলৈ দিয়ে ওচৰ চুবুৰীয়াই।
এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ ওদালবক্ৰাত। টকাৰ দম দেখুৱাই পত্নীক মাতৃ গৃহলৈ উভতাই নিবলৈ কয় ধুৰন্ধৰ স্বামীয়ে। আঠমঙলাৰ দিনা পত্নীক মাতৃ গৃহলৈ লৈ যাবলৈ কয় স্বামী ৰাজকুমাৰ দাসে। আনহাতে স্বামীৰ মাতৃৰ আকৌ বিপৰীত অভিযোগ। স্বামীৰ মাতৃৰ মতে ন বোৱাৰীয়ে নকৰে ঘৰৰ একো কাম। ককায়েকৰ লগত থাকিবলৈ কোৱা বুলি ওলোৱা অভিযোগো নাকচ কৰিছে স্বামীৰ মাতৃয়ে।
এতিয়া প্ৰশ্ন হয়, চাপৰ হোৱাৰ বাবেই পত্নীক এনে ব্যৱহাৰৰ কৰিছে নে এয়া এক দৈহিক সুধা। নিজৰ পত্নীৰ লগত অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ পিছত এইবাৰ পত্নীৰ ভগ্নীৰ ওপৰত চকু নেকি ধুৰন্ধৰ স্বামীৰ?
