চেৰাপুঞ্জীৰ 'হানীমুন মাৰ্ডাৰ'ৰ তদন্তক লৈ তৎপৰ মেঘালয় আৰক্ষী

চেৰাপুঞ্জীৰ 'হানীমুন মাৰ্ডাৰ'ৰ তদন্তক লৈ তৎপৰ মেঘালয় আৰক্ষী। নিশা গুৱাহাটী হৈ শ্বিলঙত উপস্থিত স্বামীহন্তা সোনম ৰঘুবংশী। ইন্দোৰৰ পৰা দিল্লী, দিল্লীৰ পৰা গুৱাহাটীলৈ বিমান যাত্ৰাৰ পাছত স্থলপথেৰে সোনমসহ ৪ অভিযুক্তক লৈ যোৱা হয় শ্বিলঙলৈ। কটকটীয়া নিৰাপত্তাৰ মাজত বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে শ্বিলঙলৈ লৈ যোৱা হ'ল সোনম আৰু আন ৩ অভিযুক্তক।  গণেশ দাস হাস্পতালত স্বাস্থ্য পৰীক্ষাৰ পাছত নিশাতো শ্বিলঙত আৰক্ষীৰ গেষ্ট হাউছত ৰখা হয় সোনমক। 
মঙলবাৰে মাজনিশা শ্বিলঙলৈ অনা হ’ল ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ খলনায়িকা সোনম ৰঘুবংশীক। শ্বিলঙত উপস্থিত হোৱাৰ পাছতে গণেশ দাস হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰা হয় সোনমৰ। স্বাস্থ্য পৰীক্ষাত সোনমৰ প্ৰেগনেঞ্চী টেষ্ট (Pregnancy Test) নিগেটিভ আহে। 
স্বাস্থ্য পৰীক্ষাত সোনমৰ প্ৰেগনেঞ্চী টেষ্ট (Pregnancy Test) নিগেটিভ আহে। প্ৰথমৱস্থাত সোনম গৰ্ভৱতী বুলি সন্দেহ কৰা হৈছিল যদিও স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত সোনম গৰ্ভৱতী নহয় বুলি নিশ্চিত হয় আৰক্ষী। সম্প্ৰতি আৰক্ষী গেষ্ট হাউচত ৰখা হৈছে সোনম ৰঘুবংশীক।
আনহাতে, বুধবাৰে পুৱাই গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ৪ অভিযুক্ত। ইন্দোৰৰপৰা দিল্লী আৰু দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হয় চাৰি অভিযুক্তক। গুৱাহাটীৰ পৰা পোনে পোনে চাৰি অভিযুক্তক লৈ যোৱা হৈছে শ্বিলঙলৈ।
আজি সোনমসহ ৪ অভিযুক্তক হাজিৰ কৰোৱা হ'ব আদালতত । সমান্তৰালভাৱে হত্যাকাৰী দলক লৈ 'ক্ৰাইম চিন ৰিক্ৰিয়েচন'ৰ সম্ভাৱনা। ইতিমধ্যে সোনমৰ লগতে প্ৰেমিক ৰাজ কুছৱাহাসহ আন ২ অভিযুক্তই স্বীকাৰ কৰিছে ৰাজা ৰঘুবংশীৰ হত্যাৰ কথা। 
সোনমক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আন চাৰি অভিযুক্তক। তাৰপাছতে মেঘালয় আৰক্ষীয়ে ৭২ ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ডত লৈছিল সোনম ৰঘুবংশীক।
উল্লেখ্য যে ৭ জুনত অপাৰেচন হনীমুনৰ পৰিকল্পনা কৰিছিল মেঘালয় আৰক্ষীয়ে। তাৰ পাছতে ৮ জুনত মধ্য প্ৰদেশত উপস্থিত হৈছিল মেঘালয় আৰক্ষীৰ ২০জনীয়া এটা দল। ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ সোনম আৰু ৰাজ কুছৱাহাই মিলি ৰচনা কৰিছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *