ৰশ্মিতাৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত ডিমা হাচাও, প্ৰকৃততে কি হৈছিল ৰশ্মিতাৰ সৈতে?

গংগাৰ পানী-যুঁৱলিত উদ্ধাৰ ডিমা হাচাওৰ নিৰুদ্দিষ্ট ৰশ্মিতাৰ মৃতদেহ। মেধাবী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত ডিমা হাচাও। 
বহিঃৰাজ্যত এগৰাকী মেধাৱী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ পাহাৰীয়া ডিমা হাছাওত তীব্ৰ উত্তেজনা। হাফলঙৰ সোনটিলাৰ মেধাবী যুৱতী ৰশ্মিতা হোজাইৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্তৰ দাবীৰে দেশৰ গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ হাফলঙৰ  দল-সংগঠনৰ।
জিলা আয়ুক্তৰ জৰিয়তে গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে ডিমাছা জনগোষ্ঠীৰ সৰ্বোচ সামাজিক সংগঠন 'জাদিকে নাইছ' হাচম',ডিমাচা ছাত্ৰ সন্থাৰ লগতে ডিমাচা মাতৃ সমাজে।
ইফালে দুই যুৱক দিল্লীৰ হেমন্ত শৰ্মা আৰু হাৰিয়ানাৰ পংকজ ককাৰৰ বিৰুদ্ধে কন্যাক যৌন আতিশয্য চলাই হত্যা কৰাৰ অভিযোগ তুলি হাফলং থানাত এজাহাৰ দাখিল কৰিছে নিহত ৰশ্মিতাৰ মাতৃয়ে।
উল্লেখযোগ্য যে দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ একেলগে ফুৰিবলৈ যাওঁতে ৰশ্মিতা সন্ধানহীন হোৱা বুলি উত্তৰাখণ্ডৰ শিবপুৰী থানাত  এজাহাৰ দাখিল কৰিছিল এই দুই যুৱকে। অভিযোগ মতে ৰশ্মিতাই অনিচ্ছা সত্বেও প্ৰাক্তন সহপাঠী তথা প্ৰেমিক হেমন্ত শৰ্মাই জোৰ কৰাতহে দিল্লীত ৰেলৱে ৰিক্ৰুইটমেন্টৰ পৰীক্ষা দিবলৈ গৈছিল।  ৫ জুনত পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰেমিক হেমন্তৰ লগতে পংকজ ককাৰে বলপূৰ্বক ৰশ্মিতাক উত্তৰাখণ্ডৰ ঋষিকেশলৈ লৈ গৈছিল বুলি এজাহাৰত উল্লেখ কৰিছে মাতৃয়ে।
উল্লেখ্য যে যোৱা ৪ জুনত গুৱাহাটীৰ পৰা পৰীক্ষাৰ বাবে নতুন দিল্লীত গৈ উপস্থিত হৈছিল ইঞ্জিনীয়াৰিঙৰ স্নাতক ৰশ্মিতা হোজাই।
৫ জুনত পৰীক্ষা শেষ হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল মেধাবী যুৱতীগৰাকী।
মঙলবাৰে পুৱাৰ ভাগত উত্তৰাখণ্ডৰ গাড়োৱাল জিলাৰ পাউৰি অঞ্চলত গংগা নদীৰ পানী যুঁৱলিত উদ্ধাৰ হৈছিল ৰশ্মিতাৰ মৃতদেহ।
ইফালে উত্তৰাখণ্ডৰ শিবপুৰী আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত দুয়োজন যুৱককে আটক কৰি সোধ-পোছা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ৰশ্মিতাৰ পিতৃ উত্তৰাখণ্ডলৈ গৈ দেৱভূমিতেই কন্যাৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা বুলি জানিব পৰা গৈছে। 
মনকৰিবলগীয়া যে চেৰাপুঞ্জীৰ 'হানীমুন মাৰ্ডাৰ'ক লৈ ব্যাপক চৰ্চাৰ মাজতে অসমৰ পাহাৰীয়া জিলাখনৰ এগৰাকী মেধাবী ছাত্ৰীৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যুৰ বিষয়টো যাতে তল নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে ডিমা হাছাওৰ সচেতন সমাজে।।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *