হৰি মন্দিৰ চৌহদত গো মাংসক লৈ পুনৰ চাঞ্চল্য বিজনীত!

হৰি মন্দিৰ চৌহদত উদ্ধাৰ হোৱা মাংসৰ টোপোলাক লৈ চাঞ্চল্য । মাংসৰ টোপোলাটো নিষিদ্ধ গো-মাংস বুলি সন্দেহ স্থানীয় ৰাইজৰ । আজি পুৱা ৰাইজে উদ্ধাৰ কৰে সন্দেহযুক্ত মাংসৰ টোপোলাটো । 
বিজনীৰ উত্তৰ বল্লামগুৰীৰ হৰি মন্দিৰত উদ্ধাৰ হৈছে মাংসৰ টোপোলাটো।  ইয়াৰ পাছতে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ । পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ খবৰ পাই উপস্থিত হয় আৰক্ষীৰ এটা দল। উদ্ধাৰ হোৱা মাংসৰ টোপোলাটো জব্দ কৰি লৈ যায় আৰক্ষীয়ে । 
দুস্কৃতিকাৰীয়ে অঞ্চলটোৰ শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ ৰাইজৰ । উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা গো-মাংস উদ্ধাৰক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। বকৰি ঈদৰ পিছৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গো-মাংস উদ্ধাৰকলৈ চেপা উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।  

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *