বহিঃৰাজ্যত পুনৰ অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, কেনেকৈ মৃত্যু হ’ল শিৱালীৰ?

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। আহমেদাবাদত ৰহস্যজনক ভাৱে উদ্ধাৰ নাজিৰাৰ শিৱালী কাশ্যপৰ মৃতদেহ। চাদৰ পৰা পৰি মৃত্যু হোৱা বুলি ঘৰলৈ ফোন কৰে শিৱানিৰ বয়ফ্ৰেণ্ড সৌৰভ পুৰোহিতে । লীভ-ইনত থকা প্ৰেমিক সৌৰভলৈ সন্দেহৰ আঙুলি পৰিয়ালৰ
পৰিয়ালৰ লোকৰ। পৰিয়ালৰ দাবী শিবালীৰ এই মৃত্যু কোনো দুৰ্ঘটনা বা চূড়ান্ত সিদ্ধান্ত নহয়। প্ৰেমিকেই শিবালীক পৰিকল্পিতভাৱে হত্যা কৰাৰ বিস্ফোৰক অভিযোগ পৰিয়ালৰ।
দুবছৰ ধৰি সৌৰভ পুৰোহিতৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল শিবালীৰ। ৰাজস্থানৰ যুৱকজনেৰে কৰ্মসূত্ৰে চিনাকি হৈছিল দুয়োৰে। পূৰ্বেও প্ৰেমিকজনে মাৰপিত কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। 
২২ বছৰীয়া শিৱালী প্ৰকৃত ঘৰ শিৱসাগৰৰ নাজিৰাত।  গুৱাহাটীৰ সৰুমটৰীয়াত  ভাৰাঘৰত আছিল পৰিয়ালটো । উচ্চ শিক্ষাৰ বাবে আহমেদাবাদত আছিল শিবালী। জানিব পৰা মতে, মৃত্যুৰ ৩০ মিনিট পূৰ্বে মাতৃৰ সৈতে ফোনযোগে কথা হৈছিল শিবালীৰ। বিগত ৩ বছৰ ধৰি প্ৰেমিকৰ সৈতে লীভ-ইন-ৰিলেছনত আছিল শিবালী। 
শিৱালীৰ পৰিয়ালৰ অভিযোগ, শিৱালীৰ এই মৃত্যু কোনো দুৰ্ঘটনা বা চূড়ান্ত সিদ্ধান্ত নহয়। প্ৰেমিকেই শিবালীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। প্ৰেমিক সৌৰভ পুৰোহিতৰ বিৰুদ্ধে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। প্ৰেমিক সৌৰভ পুৰোহিতে শিবালীক পূৰ্বেও মাৰপিট কৰিছিল বুলি মন্তব্য পৰিয়ালৰ।
পৰিয়ালে জনোৱা অনুসৰি,প্ৰায়েই শিবালী আৰু প্ৰেমিক সৌৰভৰ হৈছিল কাজিয়া। 
মৃণাল মজিন্দাৰ বৰুনা আৰু বিভা মজিন্দাৰ বৰুৱাৰ একমাত্ৰ কণ্যা সন্তান আছিল শিৱালী। প্ৰয়াতমহানন্দ মজিন্দাৰ বৰুৱাৰ নাতি আছিল শিৱালী। 
 ঘটনাৰ উচিত তদন্ত বিচাৰিছে শিবালীৰ পৰিয়ালৰ লোকে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *