কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতিশিক্ষা দিলে কেন্দ্ৰীয় মন্ত্ৰী সকলক!যিকোনো বিষয়ত অলাগতিয়াল মন্তব্য নকৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সকললৈ আহ্বান প্ৰধানমন্ত্ৰীৰ। নিজৰ মন্ত্ৰালয়ৰ অধীনস্থ বিষয়সমূহৰ বাদে আন বিষয়ত অলাগতিয়াল মন্তব্য নকৰিবলৈ মন্ত্ৰী সকলক সকিয়নি প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে!
বুধবাৰে অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠক।
এই বৈঠকতে মন্ত্ৰী সকলক প্ৰধানমন্ত্ৰীয়ে সতৰ্ক কৰি দিলে বুলি বাতৰি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংবাদ গোষ্ঠীয়ে। নিজৰ মন্ত্ৰালয়ৰ অধীনত যিবোৰ কাম হৈছে সেইবোৰ জনতাৰ মাজলৈ লৈ যাবলৈ কেন্দ্ৰীয় মন্ত্ৰী সকলক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীয়ে।
সমান্তৰালভাবে প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সংবাদমেল অনুষ্ঠিত কৰি জনসাধাৰণক কামৰ খতিয়ান দিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ।
উল্লেখযোগ্য যে,এতিয়াৰ পৰা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰা মন্ত্ৰী সকলে কৰিব লাগিব RT-PCR টেষ্ট। ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সকলৰ RT-PCR টেষ্ট কৰা হৈছিল বুলি বাতৰি প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে,বৰ্তমান সমগ্ৰ ভাৰততে ৬,৮০০ গৰাকী লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত।