আদানী গ্ৰুপক ৩ হাজাৰ বিঘা ভূমি আৱন্তন দিয়াকলৈ বড়োভূমিত তীব্ৰ প্ৰতিবাদ

 আদানী গ্ৰুপক ৩ হাজাৰ বিঘা ভূমি আৱন্তন দিয়াকলৈ বড়োভূমিত তীব্ৰ প্ৰতিবাদ।খিলঞ্জীয়া ভূমিপুত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটি আদানীক হস্তান্তৰকৰণৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ।বুধবাৰে পৰ্বতঝোৰাৰ বাসবাৰীত আদানী গ্ৰুপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা স্থানীয় লোকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি। প্ৰশাসন আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। 
আদানী গ্ৰুপক চৰকাৰে ভূমি হস্তান্তৰ কৰাৰ কাৰ্যৰ বিৰোধিতা কৰে স্থানীয় ভূমিপুত্ৰসকলে। পৰ্বতঝোৰাৰ বাসবাৰীত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মানৰ বাবে ৩ হাজাৰ বিঘা ভূমি আৱন্তন দিয়া হৈছে আদানী গ্ৰুপক। ষষ্ঠ অনুসূচীৰ এলেকাত সংবিধান অনুসৰি ভাৰত চৰকাৰেও ইয়াত হস্তক্ষেপ কৰিব নোৱাৰে বুলি দাবী প্ৰতিবাদকাৰীৰ।
পৰ্বতঝোৰাৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজে আদানী গ্ৰুপক ভূমি হস্তান্তৰ কৰাত ক্ষোভ ব্যক্ত কৰিছে পৰিষদীয় চৰকাৰ তথা অসম চৰকাৰৰ বিৰুদ্ধে । ইতিমধ্যে বিষয়টোৰ সংক্ৰান্তত প্ৰতিবাদ কৰিছিল।অল্টাৰনেটিভ পাৰ্টি অব বড়োলেণ্ডৰ সভানেত্ৰী অঞ্জলী দৈমাৰীয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *