মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনা দিৱসত উপস্থিত থাকিব পাকিস্তানৰ সেনা প্ৰধান আছিফ মুনীৰ

ভাৰত আৰু পাকিস্তানৰ সৈতে চেক-এণ্ড-বেলেঞ্চৰ দৰে লেতেৰা খেল খেলিছে আমেৰিকাই। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনা দিৱসত উপস্থিত থাকিব পাকিস্তানৰ সেনা প্ৰধান আছিফ মুনীৰ। ১৪ জুনত অনুষ্ঠিত হ'ব লগা আমেৰিকাৰ ২৫০ সংখ্যক সেনা দিৱসৰ পেৰেডত উপস্থিত থাকিব পাকিস্তানৰ সেনা প্ৰধান। উল্লেখযোগ্য যে,একেটা দিনতে ৭৯ সংখ্যক জন্মদিন উদযাপন কৰা হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। 
সেই উদ্দেশ্যে ১২ জুনত আমেৰিকাৰ আমেৰিকাৰ ৱাছিংটন ডি চি ত উপস্থিত হ'ব পাকিস্তানৰ সেনা প্ৰধান আছিফ মুনীৰ। ভাৰতৰ সৈতে বাণিজ্যিক নীতি সম্প্ৰসাৰণ কৰিব বিচৰা আমেৰিকাই সেনা দিৱসৰ দিনটোত অতিথি হিচাপে আছিফ মুনীৰক আমন্ত্ৰণ দিয়টো ৰহস্যজনক।ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধ বিৰতিত সন্দৰ্ভত মধ্যস্থতা কৰা বুলি বিশ্বজুৰি ঢোল পিতিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। 
অৱশ্যে পৰৱৰ্তী পৰ্যায়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লোৱা মিথ্যাচাৰ উদঙাই দিছিল ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। অৱশ্যে পাকিস্তানৰ সেনা প্ৰধানৰ আমেৰিকা ভ্ৰমণৰ সময়তে সন্ত্ৰাসবাদৰ ওপৰত আলোচনাত মিলিত হ'ব পাৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। চীনৰ সৈতে পাকিস্তানৰ ঘনিষ্ঠতা বৃদ্ধিৰ সময়তে আমেৰিকাই পাকিস্তানৰ সেনা প্ৰধানক আমন্ত্ৰণ জনোৱা বিষয়টোক লৈও সৃষ্টি হৈছে ৰহস্য। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *