১ লাখ টকা দাবী কৰি ৰিজাৰ্ভ ক্ল'জ লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিল্টন বৰগোঁহাই!

লখিমপুৰৰ লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিল্টন বৰগোঁহাইক ৰিজাৰ্ভ ক্ল'জ। এজন শিক্ষকক জেলৰ ভৰাই দিয়াৰ ভাবুকিৰে ১ লাখ টকা দাবী কৰাৰ অভিযোগ।
 শিক্ষকগৰাকীয়ে  লখিমপুৰৰ আৰক্ষী অধীক্ষকক অভিযোগ দিয়াৰ লগতে মুখ্যমন্ত্ৰী আৰু DGP কো বিষয়টো সন্দ্ৰভত অভিযোগ দিয়ে। তাৰ পিছতেই লখিমপুৰৰ লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিল্টন বৰগোঁহাই তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল'জ কৰে।
এই ধন দাবীত নাম সাঙুৰ খাইছে OC সহ আন এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ নাম ।
DSP জনৰ বিৰুদ্ধেও তদন্ত ঘোষণা লখিমপুৰ আৰক্ষীৰ।
ব্যক্তগৰাকীৰ অভিযোগ অনুসৰি , লালুক আৰক্ষী থানাৰ পৰা প্ৰথমে তেঁওক ফোন কৰি মাতে । থানাত উপস্থিত হোৱাৰ পিছতেই মুখত  কলা কাপোৰ মৰা কেইজনমান লোকে গাড়ীত উঠাই লৈ যায়। আৰু পৰৱৰ্তী সময়ত লালুকৰ এখন ৱাইনশ্বপ চলোৱাৰ নামত ১ লাখ টকা দাবী কৰে বুলি অভিযোগ কৰে ব্যক্তজনে। তেঁও জনোৱা অনুসৰি তেঁওৰ ভাগিনীয়েকৰ লালুকত এছ এছ ৱাইনশ্বপ নামৰ ৱাইনশ্বপ আছে। সেই ৱাইনশ্বপৰ নামতেই ধন দাবী কৰিছিল বুলি অভিযওগ উত্থাপন কৰিঠে লোকজনে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *