ৰাখে হৰি মাৰে কোনে,মাৰে হৰি ৰাখে কোনে! আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিশ্চিত মৃত্যুৰ মুখৰ পৰা বাচি আহিল ৰমেশ বিশ্বাস। ভাৰতীয় মূলৰ বৃটিছ নাগৰিক গৰাকীয়ে বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই সুকলমে ওলাই আহিছিল ৰাজপথলৈ। বিমানখনৰ 11-A আসনত বহি লণ্ডনলৈ যাত্ৰা কৰিছিল ৰমেশে। খবৰ অনুসৰি,দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা জীৱন ৰক্ষা পৰা ৰমেশেই একমাত্ৰ যাত্ৰী আছিল।
ধাৰনা কৰা হৈছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত যাত্ৰা কৰা এগৰাকীও যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিব নাযাব। অৰ্থাৎ অভিশপ্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনত থকা ২৪২ গৰাকী লোকৰেই মৃত্যু হৈছে। আন এক চৰ্চা অনুসৰি,জীৱন্তে মাত্ৰ এজন যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে। আহমেদাবাদ আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ উদ্ধৃতিৰে এই খবৰ প্ৰকাশ কৰিছে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে।
ইতিমধ্যে ২০৪ গৰাকী যাত্ৰীৰ মৃতদেহৰ পোষ্ট মৰ্টেমৰ বাবে প্ৰেৰণ কৰা হৈছে। বিমানখনত আছিল ২৪২ গৰাকী যাত্ৰী আৰু তাৰে পাইলট সহ ১০ জন ক্ৰু মেম্বাৰ। বিমানখনত যাত্ৰা কৰা ২৪২ গৰাকী যাত্ৰীৰ মাজত আছিল ১১ টি শিশু। দুৰ্ঘটনাগ্ৰস্থ বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল বুলি চৰ্চা চলিছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত যাত্ৰা কৰা প্ৰায় সংখ্যক যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হোৱা বুলিও খবৰ প্ৰকাশ পাইছে।
অগ্নিদগ্ধ হোৱা যাত্ৰী সকলক চিনাক্ত কৰিবলৈ DNA টেষ্ট কৰাৰ সম্ভাৱনা আছে। অভিশপ্ত বিমানখনত যাত্ৰা কৰা ২৪২ গৰাকী যাত্ৰীৰ সকলৰ ১৬৯ গৰাকীয়ে ভাৰতীয় নাগৰিক আৰু ৫৩ গৰাকী বৃটিছ নাগৰিক। উল্লেখযোগ্য যে,বিমান দুৰ্ঘটনাৰ ফলত ৫ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃত্যু হৈছে। অৰ্থাৎ বিমান দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ২৪৭ গৰাকীলৈ বৃদ্ধি পাইছে।
বৃহস্পতিবাৰে দুপৰীয়া গুজৰাটৰ আহমেদাবাদৰ সমিপৰ সর্দাৰ বল্লভভাই পটেল আন্তৰ্জাতিক বিমানবন্দৰৰ কাষত মেধানিনগৰৰ ওচৰত এয়াৰ ইণ্ডিয়াৰ যাত্রীবাহী বিমানখন ভূপতিত হয়। দেশৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰণকাৰী সংস্থা (ডিজিচিএ)ৰ মতে, বিমানেৰে পাইলট আছিল কেম্পটেন সবৰৱাল। লগত আছিল সহ-পাইলট তথা ফাৰ্ষ্ট অফিসাৰ ক্লাইভ কুণ্ডৰ। কেম্পেইন সবৰৱালৰ ৮,২০০ ঘণ্টাৰ বিমান উৰোৱাৰ অভিজ্ঞতা আছিল। সহ-পাইলটজনৰ বিমান চালনা কৰাৰ অভিজ্ঞতা আছিল ১,১০০ ঘণ্টা। অৰ্থাৎ দুয়ো পাইলটৰ বিএছমিল ৱৰণৰ অভিজ্ঞতা মুঠ প্ৰায় ১০ হাজাৰ ঘণ্টাৰ কাষত আছিল। তথাপিও আকস্মিক দুর্ঘটনাৰ পৰা হাত হাৰিব পৰা নগ'ল। এয়াৰ ট্ৰাফিক কন্ট্ৰোল (এটিচি)ৰ মতে, দূঘৰ্টনাৰ ঠিক আগত 'মে ডে কল' দিছিল পাইলটে। তাৰ পিছত ৬২৫ ফুট উচ্চতাৰ পৰা প্ৰতি মিনিটত ৪৭৫ ফুট বেগত নামিবলৈ আৰম্ভ কৰে বিমানখন। আহমেদাবাদৰ আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু আপদকালীন বিভাগে উদ্ধাৰ অভিযৈন অব্যাহত আছে । আঘাতপ্ৰাপ্তবোৰক উদ্ধাৰ কৰি স্থানীয় চিভিল চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
এইটো বোয়িং সংস্থাৰ বি৭৮৭ ড্ৰিমলাইনাৰ বিমান আছিল। এনে প্ৰকাৰৰ বিমানে সৰ্বাধিক ২৯০ ৰ পৰা ৩০০ জন যাত্ৰীৰ কঢ়িয়াব পাৰে বুলি জনা গৈছে। প্রত্যক্ষদৰ্শীৰ দাবী, আহমেদাবাদৰ বিমানবন্দৰ পৰা উৰণৰ কেইটামান ক্ষণৰ ভিতৰতে বিমানখন ভাঙি পৰে। বিমানবন্দৰৰ কাষতে এটা ঘৰৰ ওপৰত পৰাৰ পাছতে বিমানখন অগ্নদগ্ধ হয়। ক'লা ধোঁৱাত আৱৰি ধৰে। এই বিমানে যাত্ৰী আৰু বিমানকৰ্মী মিলি মুঠ ২৪২ জন লোক আছিল। বিমানত যাত্ৰী আৰু বিমানকর্মী মিলাই ১৬৯ জন ভাৰতীয় নাগৰিক আছিল। ইয়াৰ উপৰিও, ৫৩ জন ব্ৰিটিছ নাগৰিক, এজনে কানাডিয়ান আৰু সাত জন পোৰ্তুগীজ নাগৰিক দুৰ্ঘটনাগ্ৰস্ত বিমানত আছিল।