গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিলে চি আৰ পাটিলে। বিমান দুৰ্ঘটনাত বিজয় ৰূপানীৰ মৃত্যুত শোক প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ। বিজয় ৰূপানীৰ দৰে এগৰাকী দক্ষ নেতাৰ আকস্মিক মৃত্যু বিজেপিৰ বাবে ক্ষতি বুলি মন্তব্য কৰিলে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাটিলে।
আহমেদাবাদৰ দুর্ঘটনাগ্ৰস্ত বিমানখনত মৃত্যু হ'ল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ।বিমানখনৰ ১২ নম্বৰ আসনত বহি লণ্ডন অভিমুখে যাত্ৰা কৰিছিল বিজয় ৰূপানীয়ে।লণ্ডনত পত্নী অঞ্জলীক সাক্ষাৎ কৰিবলৈ যাত্ৰা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। ৩০ জুনত লণ্ডনৰ পৰা গুজৰাটলৈ উভতি অহাৰ কথা আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। ২০১৬ চনৰ পৰা ২০২১ চনলৈ গুজৰাটৰ ১৬ সংখ্যক মুখ্যমন্ত্ৰী আছিল বিজয় ৰূপানী। মুখ্যমন্ত্ৰী হিচাপে গুজৰাটৰ উদ্যোগিক ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদান কৰিছিল বিজয় ৰূপানীয়ে। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে গুজৰাটৰ পৰা ৬ মাহৰ বাবে ৰাজ্য সভালৈও নিৰ্বাচিত হৈছিল বিজয় ৰূপানী। গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্বটো আছিল বিজয় ৰূপানী। ১৯৯৬ চনৰ ১৯৯৭ চনলৈ ৰাজকোটৰ মেয়ৰ হিচাপেও নিৰ্বাচিত হৈছিল বিজয় ৰূপানী। ১৯৫৬ চনৰ ২ আগষ্টত বৰ্তমানৰ ম্যানমাৰৰ য়াগুনত জন্ম গ্ৰহণ কৰিছিল ৰূপানীয়ে। পৰৱৰ্তী পৰ্যায়ত গুজৰাটৰ ৰাজকোটলৈ গুছি আহিছিল ৰূপানীৰ পৰিয়াল। ছাত্ৰ অৱস্থাৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতে জড়িত হৈ পৰৱৰ্তী পৰ্যায়ত সক্ৰিয় ৰাজনীতিলৈ আহিছিল ৰূপানী।
আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপাণী। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ তালিকাত নাম আছিল বিজয় ৰূপাণীৰ। তেওঁৰ ঘনিষ্ঠ প্ৰশান্ত ভালাই জনাইছে যে, তেওঁ বিজয়ক বিমানবন্দৰত নমাই আহিছিল। সেই বিমানখনেৰে লণ্ডনলৈ যোৱাৰ কথা আছিল বিজয় ৰূপাণী। জানিব পৰা মতে বিমানত উঠিবৰ বাবে এয়াৰ বাছতো উঠিছিল বিজয়। কিন্তু তেওঁ বিমানত উঠিছিল নে নাই, সেয়া নিশ্চিত হোৱা নাছিল যদিও শেহতীয়াকৈ বিজয় ৰূপানীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলে।
দুৰ্ঘটনাগ্ৰস্ত বিমানখনে আহমেদাবাদৰ টাৰ্মিনেল ২ৰ পৰা উৰা মাৰিছিল। ৯ ঘণ্টা ৪৫ মিনিটৰ উৰণৰ শেষত বিজয় ৰূপাণীয়ে অৱতৰণ কৰাৰ কথা আছিল গেটৱিকত। লণ্ডনৰ পৰা ২ ঘণ্টাৰ পথত অৱস্থিত এই বিমানবন্দৰ। এয়াৰ ইণ্ডিয়াৰ পক্ষই জনোৱা অনুসৰি , AI171 বিমানখনে বৃহস্পতিবাৰে ৰাতিপুৱা আহমেদাবাদৰ পৰা লণ্ডন গেটৱিকৰ উদ্দেশ্যে ৰাওনা হৈছিল। বিমানবন্দৰৰ সমিপতে দূৰ্ঘটনাত পতিত হয় বিমানখন।
এইটো বোয়িং সংস্থাৰ বি৭৮৭ ড্ৰিমলাইনাৰ বিমান আছিল। এনে প্ৰকাৰৰ বিমানে সৰ্বাধিক ২৯০ ৰ পৰা ৩০০ জন যাত্ৰীৰ কঢ়িয়াব পাৰে বুলি জনা গৈছে। প্রত্যক্ষদৰ্শীৰ দাবী, আহমেদাবাদৰ বিমানবন্দৰ পৰা উৰণৰ কেইটামান ক্ষণৰ ভিতৰতে বিমানখন ভাঙি পৰে। বিমানবন্দৰৰ কাষতে এটা ঘৰৰ ওপৰত পৰাৰ পাছতে বিমানখন অগ্নদগ্ধ হয়। ক'লা ধোঁৱাত আৱৰি ধৰে। এই বিমানে যাত্ৰী আৰু বিমানকৰ্মী মিলি মুঠ ২৪২ জন লোক আছিল। বিমানত যাত্ৰী আৰু বিমানকর্মী মিলাই ১৬৯ জন ভাৰতীয় নাগৰিক আছিল। ইয়াৰ উপৰিও, ৫৩ জন ব্ৰিটিছ নাগৰিক, এজনে কানাডিয়ান আৰু সাত জন পোৰ্তুগীজ নাগৰিক দুৰ্ঘটনাগ্ৰস্ত বিমানত আছিল।
এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনেৰে লণ্ডনলৈ উৰা মৰাৰ কথা আছিল গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা বিজয় ৰূপাণী। তেওঁৰ পৰিয়ালবৰ্গ আছিল লণ্ডনতে।
জনাঞ্চলত বিমানখন ভূপতিত হোৱাৰ পিছতেই জুইয়ে আগুৰি ধৰে বিমানখন। ক'লা ধোঁৱাই সমগ্ৰ অঞ্চল আগুৰি ধৰে। বিমানবন্দৰৰ কাষত ডাক্তাৰসকলৰ এখন হোষ্টেলৰ আছিল আৰু তাৰ ওপৰতে বিমানখন ভূপতিত হয়।জানিব পৰা অনুসৰি বিমানখন বহু বেছি উচ্চতালৈ উৰা পৰাৰ পূৰ্ৱেই এই অঘটনটো সংঘটিত হয়।