উদ্ধাৰ হ'ল অভিশপ্ত বিমানখনৰ ব্লেক বক্স, অচিৰেই পোহৰলৈ আহিব প্ৰকৃত কাৰণ

আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত ২৬৫ গৰাকীৰ মৃত্যু। এতিয়াও ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। মৃত্যু উপত্যকাত পৰিণত গৃহৰাজ্যৰ খবৰ ল'বলৈ পুৱাই ঘটনাস্থলীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভয়ংকৰ বিমান দুৰ্ঘটনাৰ তদন্ত কৰিব এয়াৰক্ৰাফট্ এক্সিডেন্ট ইনভেষ্টিগেচন ব্যুৰ'ই।
ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে AAIBৰ এটা তদন্তকাৰী দল। সমগ্ৰ বিশ্বৰে বুকু কঁপাই তোলা ভয়ংকৰ ঘটনাটোত নিহতসকলক চিনাক্তকৰণত জটিলতা হোৱাৰ দিশলৈ সক্ষ কৰি জ্বলি ছাই হৈ যোৱা দুৰ্ভগীয়াসকলৰ চিনাক্তকৰণৰ বাবে DNA টেষ্টৰ ব্যৱস্থা কৰা হৈছে। 
ইতিমধ্যে উদ্ধাৰ কৰা হৈছে অভিশপ্ত বিমানখনৰ ব্লেক বক্স। বয়িং ৭৮৭ ড্ৰিমলাইনাৰ এয়াৰ ইণ্ডিয়া বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰি যাৱতীয় পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব। অচিৰেই পোহৰলৈ আহিব বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ। 
দুৰ্ঘটনাগ্ৰস্ত বিমানখনে আহমেদাবাদৰ টাৰ্মিনেল ২ৰ পৰা উৰা মাৰিছিল। ৯ ঘণ্টা ৪৫ মিনিটৰ উৰণৰ শেষত বিজয় ৰূপাণীয়ে অৱতৰণ কৰাৰ কথা আছিল গেটৱিকত। লণ্ডনৰ পৰা ২ ঘণ্টাৰ পথত অৱস্থিত এই বিমানবন্দৰ। এয়াৰ ইণ্ডিয়াৰ পক্ষই জনোৱা অনুসৰি , AI171 বিমানখনে বৃহস্পতিবাৰে ৰাতিপুৱা আহমেদাবাদৰ পৰা লণ্ডন গেটৱিকৰ উদ্দেশ্যে ৰাওনা হৈছিল। বিমানবন্দৰৰ সমিপতে দূৰ্ঘটনাত পতিত হয় বিমানখন।
এইটো বোয়িং সংস্থাৰ বি৭৮৭ ড্ৰিমলাইনাৰ বিমান আছিল। এনে প্ৰকাৰৰ  বিমানে সৰ্বাধিক ২৯০ ৰ পৰা ৩০০ জন যাত্ৰীৰ কঢ়িয়াব পাৰে বুলি জনা গৈছে। প্রত্যক্ষদৰ্শীৰ দাবী, আহমেদাবাদৰ বিমানবন্দৰ পৰা উৰণৰ কেইটামান ক্ষণৰ ভিতৰতে বিমানখন ভাঙি পৰে। বিমানবন্দৰৰ কাষতে এটা ঘৰৰ ওপৰত পৰাৰ পাছতে বিমানখন অগ্নদগ্ধ হয়।  ক'লা ধোঁৱাত আৱৰি ধৰে। এই বিমানে যাত্ৰী আৰু বিমানকৰ্মী মিলি মুঠ ২৪২ জন লোক আছিল। বিমানত যাত্ৰী আৰু বিমানকর্মী মিলাই ১৬৯ জন ভাৰতীয় নাগৰিক আছিল। ইয়াৰ উপৰিও, ৫৩ জন ব্ৰিটিছ নাগৰিক, এজনে কানাডিয়ান আৰু সাত জন পোৰ্তুগীজ নাগৰিক দুৰ্ঘটনাগ্ৰস্ত বিমানত আছিল। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *