Ahmedabad Plane Crash : বৃহস্পতিবাৰৰ আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী সেই অভিশপ্ত বিমানখনে থানবান কৰিলে কৰিলে বহু সংসাৰ।
১৬ জুনত স্বামীৰ জন্মদিন আছিল, যাৰ বাবে তিনিদিনৰ পূৰ্ৱে ইন্দোৰৰ ৩০ বছৰীয়া হৰপ্ৰীত কৌৰ হোৰাই লণ্ডনলৈ যোৱাৰ বাবে উৰা মাৰিছিল Air Indiaৰ বিমানখনত। লণ্ডনত থকা স্বামীক ছাৰপ্ৰাইজ দিবলৈ তিনিদিনৰ আগতেই ওলাইছিল হৰপ্ৰীত। কিন্তু আহমেদাবাদৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে স্বামীৰ জন্মদিন পালনৰ বাবে ১২ জুনত লণ্ডনলৈ যাবলৈ ওলোৱা হৰপ্ৰীত। ২০২০ চনত বিবাহপাশত আবদ্ধ হৈছিল লণ্ডনত IT খণ্ডত কৰ্মৰত ৰবি হোৰাৰ সৈতে। পূৰ্বে ১৯ জুনত লণ্ডনলৈ যোৱাৰ কথা আছিল হৰপ্ৰীত কৌৰ হোৰাৰ। কিন্তু ১৬ জুনত স্বামীৰ জন্মদিন উদযাপনৰ বাবে ১২ জুনতেই লণ্ডনলৈ বুলি বিমানত উঠিছিল ৩০ বছৰীয়া মহিলাগৰাকী।
হৰপ্ৰীতৰ মৃত্যুত দুইটা পৰিয়াল শোকত ভাগি পৰিছে। বৃহস্পতিবাৰে হাঁহি মুখে মাকৰ ঘৰৰ পৰা ওলাই আহিছিল হৰপ্ৰীত কৌৰ হোৰা। স্বামীগৃহৰ লোকেও হোৱাটছআপ যোগে হৰপ্ৰীত কৌৰক লণ্ডন যাত্ৰাৰ বাবে দিছিল শুভেচ্ছা বাৰ্তা। পিছে আহমেদাবাদৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ প্ৰায় ৫ৰ পৰা ১০ মিনিটৰ ভিতৰতে দুৰ্ঘটনাত পতিত হয় হৰপ্ৰীতে যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ বয়িং 787 ড্ৰিমলাইনাৰৰ AI-171 নম্বৰৰ বিমানখন।
হোৱাটছএপত বোৱাৰীয়েকক লণ্ডন যাত্ৰাৰ শুভেচ্ছা বাৰ্তা দিয়া স্বামীগৃহ পৰিয়ালে টিভিত পালে এই ভয়ংকৰ খবৰটো। বিমান দুৰ্ঘটনাটোত হৰপ্ৰীত কৌৰ হোৰাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোকত ভাগি পৰিছে পৰিয়ালটোৰ লগতে লণ্ডনত কৰ্মৰত স্বামী। বিমান দুৰ্ঘটনাত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা হৰপ্ৰীত কৌৰ হোৰাৰ মৃতদেহ চিনাক্তৰ বাবে কৰা হৈছে DNA পৰীক্ষা।
বৃহস্পতিবাৰে বাৰে দুপৰীয়া ১ বাজি ৩৮ মিনিটত আহমেদাবাদৰ চৰ্দাৰ বল্লৱ ভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা লণ্ডনলৈ যাত্ৰা আৰম্ভ কৰিছিল হৰপ্ৰীত কৌৰ হোৰাই। ইন্দোৰৰ বোৱাৰী হৰপ্ৰীত কৌৰ হোৰাৰ মাকৰ ঘৰ আছিল আহমেদাবাদত। ২০২০ চনত ইন্দোৰৰ ৰবি হোৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল হৰপ্ৰীত কৌৰ।