NEET UG 2025 Result: ঘোষণা কৰা হ'ল ২০২৫ বৰ্ষৰ NEET UG পৰীক্ষাৰ ফলাফল। ২২.৭ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যৎ নিৰ্ধাৰণ হৈছে আজিৰ দিনটোত। কেনেকৈ স্ক'ৰকাৰ্ড ডাউনলোড কৰিব, কিমান নম্বৰত কোয়ালিফাই কৰিলে জানো আহক।
মেডিকেলৰ স্নাতক স্তৰত ভৰ্তিৰ প্ৰৱেশিকা পৰীক্ষা NEET UGৰ ফলাফল আজি ঘোষণা কৰা হৈছে। মে মাহত অনুষ্ঠিত হৈছিল পৰীক্ষা। পৰীক্ষা সম্পূৰ্ণ হোৱাৰ মাত্ৰ এক মাহ ১০ দিনৰ ভিতৰত ফলাফল প্ৰকাশ কৰা হৈছে। ২০২৫ চনৰ ৪ মেত NEET UGৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। দেশৰ লগতে বিদেশত মুঠ ৫৬৬খন চহৰৰ ৫৪৬৮টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। এই বছৰত NEET UG পৰীক্ষাত বহিছিল ২,২০,৯৩১৮ জন। যদিও পৰীক্ষাৰ বাবে নাম নথিভুক্ত কৰিছিল ২,২৭,৬০৬৯ জনে। পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমে ৯৬৫৯৯৬ আৰু ১৩১০০৬২ জন। লগতে, ৰূপান্তৰকামী পৰীক্ষাৰ্থী আছিল ১১ জন।
দেশৰ ভিতৰতে ৯৯.৯৯ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষ স্থান লাভ কৰিলে ৰাজস্থানৰ মহেশ কুমাৰে। মধ্যপ্ৰদেশৰ উত্কর্ষ অৱধানিয়া ৯৯.৯৯৯০০৯৫ শতাংশ নম্বৰ পাই দ্বিতীয় স্থান অধিকাৰ কৰিছে।
NEET পৰীক্ষাত ৯৯.৯৫ শতাংশ নম্বৰেৰে উজলিল ছিপাঝাৰৰ হিমন্ত পৰাণ শইকীয়া।
ফলাফল ঘোষণা কৰা হৈছে neet.nta.ac.in আৰু nta.ac.in এই দুইটা ৱেবছাইটত। এই বছৰৰ পৰা পৰীক্ষাৰ্থীৰ নথিভুক্ত মেল আইডিতো NEET UG ৰ স্কৰ্ড কাৰ্ড পঠিয়াব এনটিএ। পৰীক্ষাৰ্থীক নিজৰ স্কৰ্ড কাৰ্ডৰ বাবে নিজৰ ইমেইল চেক কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আপুনি https://neet.nta.nic.in এই লিঙ্কত আপোনাৰ লগইন শংসাপত্ৰ ব্যৱহাৰ কৰি আপোনাৰ ফলাফল ডাউনলোড কৰিব পাৰে"। NTA য়ে 'X' ৰ জড়িয়তে জনাইছে ।