আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ। বিমান দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিলে এখন উচ্চস্তৰীয় কমিটী। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ অধ্যক্ষতাত গঠন কৰি দিয়া হৈছে ১১ জনীয়া সদস্যৰ উচ্চস্তৰীয় কমিটী। সোমবাৰ ভিতৰত প্ৰথমখন বৈঠকত মিলিত হ'ব উচ্চস্তৰীয় কমিটীৰ ১১ গৰাকী সদস্য। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কাৰণ পৰ্যালোচনা কৰি কেন্দ্ৰীয় চৰকাৰক ৩ মাহৰ ভিতৰত প্ৰতিবেদন জমা দিব লাগিব উচ্চস্তৰীয় কমিটীয়ে। দেশত বিমান চলাচলৰ বাবে বৰ্তমানেও কাৰ্যকৰী হৈ থকা SOP সমূহো পৰীক্ষা কৰিব উচ্চস্তৰীয় কমিটীয়ে। ভৱিষ্যতে বিমান সেৱাৰ অধিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ সন্দৰ্ভতো প্ৰস্তাৱ আগবঢ়াব কমিটীয়ে। শনিবাৰে এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুৱে।
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আঁৰত কাৰিকৰীগত কিবা বিসংগতি আছিল নেকি ? সেই সন্দৰ্ভত বিষয়টো তদন্ত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দায়িত্ব অৰ্পণ কৰিছে Aircraft Accident Investigation Bureau ক। উল্লেখযোগ্য যে,শুকুৰবাৰে উদ্ধাৰ কৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত ড্ৰীমলাইনাৰ বিমানখনৰ ব্লেক বক্স। অভিশপ্ত বিমানখনৰ দুৰ্ঘটনাৰ ফলত এই পৰ্যন্ত মৃত লোকৰ সংখ্যা ২৭০ গৰাকীলৈ বৃদ্ধি পাইছে।
বৃহস্পতিবাৰে চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সমীপতে দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানখন। লণ্ডন অভিমুখি বিমানখনৰ উৰণৰ কিছুসময়ৰ পাছতেই সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। আহমেদাবাদৰ মেঘানী নগৰৰ এটা আবাসিক অঞ্চলত ভূপতিত হৈছিল বিমানখন।
আহমেদাবাদৰ পৰা লণ্ডন গেটৱেইক বিমানবন্দৰলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ এআই ১৭১ বিমানখন। উৰণৰ পাঁচ মিনিটৰ ভিতৰতে জনাঞ্চলৰ ওপৰত ভূপতিত হয় বিমানখন। এই বিমানে যাত্ৰী আৰু বিমানকৰ্মী মিলি মুঠ ২৪২ জন লোক আছিল। ইয়াৰে ১৬৯ জনেই ভাৰতীয়, তাৰ উপৰিও ৫৩ জন ব্ৰিটিছ নাগৰিক । এয়াৰ ইণ্ডিয়াৰ বিমান সংস্থাটোৱে এখন বিবৃতি প্ৰকাশ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত। বিমানে যাত্ৰী সংখ্যা ২৩০। দুজন পাইলট সহ মুঠ১২ জন আছিল বিমানকৰ্মী। বিমানত যাত্ৰী আৰু বিমানকর্মী মিলাই ১৬৯ জন ভাৰতীয় নাগৰিক আছিল। ইয়াৰ উপৰিও, ৫৩ জন ব্ৰিটিছ নাগৰিক, এজনে কানাডিয়ান আৰু সাত জন পোৰ্তুগীজ নাগৰিক দুৰ্ঘটনাগ্ৰস্ত বিমানত আছিল।
এই দুৰ্ঘটনাত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ২৭৫লৈ।