ৰিয়ান পৰাগলৈ পুনৰ অধিনায়কৰ দায়িত্ব । নামিবিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া এদিনীয়া শৃংখলাত নেতৃত্ব দিব ৰিয়ান পৰাগে । আগন্তুক ২১ জুনৰ পৰা ২৯ জুনলৈ নামিবিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব ৫ খনকৈ এদিনীয়া মেচ । অসম বনাম নামিবিয়াৰ মাজত অনুষ্ঠিত হ'ব এই এদিনীয়া শৃংখলা । এই এদিনীয়া শৃংখলাত অসমৰ দলক নেতৃত্ব দিব ৰিয়ান পৰাগে।
ৰিয়ান পৰাগৰ নেতৃত্বত অসম দলৰ হৈ নামিবিয়ালৈ যাব ২৪ জনীয়া দল। এই এদিনীয়া শৃংখলাৰ বাবে উৎকণ্ঠাৰে অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগীয়ে।
ৰিয়ান পৰাগৰ প্ৰদৰ্শনক লৈও আশাবাদী অসমৰ ক্ৰিকেট অনুৰাগী সকল।