ধুবুৰী আৱৰ্ত ভৱনৰ দেৱালত লিখিবলৈ কেনেকৈ সাহস পালে দুৰ্বৃত্তই?

মুখ্যমন্ত্ৰীৰ Shoot at Sight ৰ নিৰ্দেশনাৰ পিছতেই ধুবুৰীত কোনো দুবৃত্তই দেৱালত লিখি গ'ল  আপত্তিজনক বাক্য। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱালে দুৰ্বৃত্তই !
 এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে দুৰ্বৃত্তক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দিয়াৰ পাছতে ধুবুৰী চহৰৰ মাজমজিয়াত পুনৰ দেৱালত আপত্তিজনক লিখনি লিখি থৈ গ'ল দুৰ্বৃত্তই। নীৰৱ দৰ্শক হৈ ৰ'ল নেকি ধুবুৰী আৰক্ষী?
ঈদৰ পাছৰে পৰা মন্দিৰৰ কাষত গো-মাংস উদ্ধাৰক  লৈ অশান্ত‌ হৈ পৰিছিল ধুবুৰী। তাৰ পাছতে শুক্ৰবাৰে ধুবুৰীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।‌ অশান্ত ধুবুৰীক শান্ত কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীয়ে।
দুৰ্বৃত্তক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু শনিবাৰে নিশা মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই দুৰ্বৃত্তই পুনৰ দেৱালত লিখি গ'ল আপত্তিজনক বাক্য। কিন্তু প্ৰশ্নৰ‌‌ সৃষ্টি হৈছে - দেৱালত লিখিবলৈ কেনেকৈ সাহস পালে দুৰ্বৃত্তই? ক'ত আছিল ধুবুৰীৰ আৰক্ষী-প্ৰশাসন‌? জিলা‌ আয়ুক্তৰ‌ কাৰ্যালয়ৰ সন্মুখৰ দেৱালত লিখি থৈ গ'ল দুৰ্বৃত্তই? 
ধুবুৰীৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ‌ সন্মুখত থকা ডাক-বাংলোৰ দেৱালত কেনেদৰে আপত্তিজনক লিখনি লিখি থৈ গ'ল দুৰ্বৃত্তই।‌‌ কিন্তু দুৰ্বৃত্তই লিখনি লিখি পলায়ন কৰাৰ পাছত হে‌ উপস্থিত হ'ল আৰক্ষী।‌‌ DC আৰু SPৰ কাৰ্যালয়ৰ সমীপতে লিখি থৈ যাবলৈ ক'ত সাহস পালে দুৰ্বৃত্তই? আৰক্ষী অধীক্ষক সলনি কৰাৰ পাছতো কিয় শান্ত নহ'ল ধুবুৰী? ইফালে এই‌ কাৰ্যৰ সৈতে জড়িত এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে । 
আনহাতে, এই‌ ঘটনা‌ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে AIUDFয়ে। এই ঘটনাত ষড়যন্ত্ৰৰ গোন্ধ পাইছে AIUDFয়ে।‌‌ এই‌‌ লিখনিত হিন্দীভাষী লোক জড়িত থকাৰ সন্দেহ AIUDF বিধায়ক হাফিজ ৰফিকুল ইছলামৰ। 
ধুবুৰীৰ এই ঘটনাই এতিয়া ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *