Sonam Raghuvanshi Case:মানসিক চিকিৎসালয়লৈ নিয়া হ'ল স্বামীহন্তা সোনাম ৰঘুবংশীক

মানসিক চিকিৎসালয়লৈ নিয়া হ'ল স্বামীহন্তা সোনাম ৰঘুবংশীক। শ্বিলঙৰ Meghalaya Institute of Mental Health Neuroscienceলৈ নিয়া হ'ল সোনাম ৰঘুবংশীক। সোমবাৰে সোনম ৰঘুবংশীক নিজৰ জিম্মাত লৈছিল মেঘালয় আৰক্ষীয়ে। বুধবাৰে গুৱাহাটীহৈ শ্বিলঙত উপস্থিত হৈছিল সোনমসহ ৪ অভিযুক্ত। মেঘালয়লৈ হনিমুনৰ বাবে আহি প্ৰেমিক ৰাজৰ সৈতে মিলি হ*ত্যা কৰিছিল স্বামী ৰাজা ৰঘুবংশীক। মেঘালয়লৈ আহি ২৩ মে'ৰ পৰা সন্ধানহীন হৈ আছিল সোনম। ১৭ দিনৰ অন্তত উত্তৰ প্ৰদেশৰ গাজীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কিৰিছিল সোনমক। 
ৰাজা ৰঘুবংশী হত্যাকাণ্ডত পত্নী সোনম আৰু সোনমৰ প্ৰেমিক ৰাজ কুছৱাহাই আছিল মাষ্টাৰমাইণ্ড। গুৱাহাটীতেই হৈছিল ৰাজাক হত্যাৰ প্ৰথম অনুশীলন। দেশ কঁপাই যোৱা ৰাজা হত্যাকাণ্ড প্ৰেম আৰু বিশ্বাসঘাতকতাৰ এক ভয়ংকৰ কাহিনী। আৰক্ষীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য। 
আৰক্ষীৰ তথ্যত প্ৰকাশকৰা অনুসৰি ৰাজাক হত্যাৰ পৰিকল্পনা ৰাজা-সোনমৰ বিয়াৰ ১১ দিন পূৰ্বেই হৈছিল। ৰাজা ৰঘুবংশী হত্যাকাণ্ডত অভিযুক্ত পত্নী সোনম ৰঘুবংশী আৰু সোনমৰ প্ৰেমিক ৰাজ কুছৱাহা সন্দৰ্ভত শ্বিলঙত ইষ্ট খাছি হিলছৰ আৰক্ষী অধীক্ষক বিবেকে সংবাদ মেলৰ জড়িয়তে প্ৰকাশ কৰিছে বহু চাঞ্চল্যকৰ তথ্য।।
আৰক্ষীৰ প্ৰাথমিক সোধ-পোছত অভিযুক্তই স্বীকাৰ কৰিছে নিজৰ অপৰাধ। ৰাজা হত্যাৰ পৰিকল্পনাৰ আৰম্ভণি ৰাজা আৰু সোনমৰ বিয়াৰ ১১ দিনৰ পূৰ্বেই  হৈছিল। আৰক্ষীৰ মতে, প্ৰেমিক ৰাজে বিয়াৰ পূৰ্ৱে সোনম নিৰুদ্দেশ হোৱা আন এখন নাটকৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা আছিল যে সোনমৰ স্কুটিত কোনো আন লোকৰ মৃতদেহ জ্বলাই সেয়া দুৰ্বৃত্তই হত্যা কৰা সোনমৰ মৃতদেহ বুলি দেখুৱাব খুজিছিল, কিন্তু ৰাজৰ সেই ভয়ংকৰ পৰিকল্পনা বিফল হ’ল।
অৱশেষত বিয়া হ’ল সোনম আৰু ৰাজা ৰঘুবংশীৰ। বিয়াৰ পিছত মা কামাখ্যাক দৰ্শন কৰাৰ অজুহাতেৰে প্ৰথমে গুৱাহাটীলৈ আহিছিল সোনম-ৰাজা। আন ৩ অভিযুক্ত বিশাল, আকাশ আৰু আনন্দ ১৯ মে’ত গুৱাহাটীত উপস্থিত হয়, তাৰপিছতেই ৰাজাক হত্যাৰ পৰিকল্পনা কৰে। গুৱাহাটীতেই ৰাজাক হত্যাৰ প্ৰথম অপচেষ্টা কৰিছিল, কিন্তু বিফল হয়। তাৰপিছত শ্বিলঙৰ নংগ্ৰিয়াট আৰু মাউলিংখিয়াটতো ৰাজাক হত্যাৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়।
অৱশেষত ৱেছডমৰ কাৰ পাৰ্কিঙত যেতিয়া ৰাজাই বিয়লি প্ৰায় ২ৰপৰা ২:১৮ বজাৰ ভিতৰত টয়লেট গৈছিল, তেতিয়াই তিনিও অভিযুক্তই হত্যা কৰিছিল ৰাজা ৰঘুবংশীক। ঘটনাস্থলীত সোনমো উপস্থিত আছিল। তাৰপিছত ৰাজাৰ মৃতদেহ পেলাই দিয়া হৈছিল দ’খাৱৈলৈ।
হত্যাৰ পিছত সোনমে তেজেৰে লুতুৰি-পুতুৰি ছাৰ্ট আৰু ৰেইনকোট আকাশক দিয়ে। চাৰিও অভিযুক্তই দুখন স্কুটীত উঠি গুছি যায়। এখন স্কুটি সোনমে চলাইছিল আৰু আনখন স্কুটি চলাইছিল  আনন্দই , যিখন স্কুটিত পূৰ্বে ৰাজা আৰু সোনমে চলাই আহিছিল।
শ্বিলঙ আৰক্ষীৰ মতে, AV পইণ্টত আকাশে ৰেইনকোটটো পেলাই দিয়ে। সোনমৰ বাবে ৰাজে পূৰ্বৰে পৰা সাজু কৰি ৰখা বোৰ্খা আনি দিয়ে বিশালে। সোনমে সেই বোৰ্খা পিন্ধি টেক্সিৰে গুৱাহাটীত উপস্থিত হয়, তাৰপিছত ISBTৰপৰা বাছেৰে শিলিগুৰি, পাটনা, লক্ষ্ণৌ আৰু অৱশেষত ইন্দোৰত উপস্থিত হয়। তাৰপিছত ২৬ মে’ৰপৰা ৮ জুনলৈকে ইন্দোৰতে আত্মগোপন কৰি আছিল সোনম ৰঘুবংশী।
আনহাতে, আৰক্ষীয়ে ৩ অভিযুক্তক চিনাক্ত কৰাৰ পিছতেই, ৰাজে সোনমক ইন্দোৰতে এৰি শিলিগুৰি যোৱাৰ আৰু অপহৰণৰ চিকাৰ হোৱাৰ নাটক ৰচনা কৰে। ৮ জুনত সোনমে ইন্দোৰৰ পৰা যাবলৈ লওতেই আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তাৰপিছত ৰাজে সোনমক গাজীপুৰলৈ গৈ ভুক্তভোগীৰ নাটক কৰাৰ পুনৰ পৰামৰ্শ দিয়ে। সোনমে গাজীপুৰলৈ গৈ পৰিয়ালক ফোন কৰি অপহৰণৰ পৰা কেনেদৰে ৰক্ষা পালে সেই নাটকৰ অভিনয় কৰে।  
আৰক্ষীয়ে ৯০ দিনৰ ভিতৰত দাখিল কৰিব অভিযোগনামা। ৮ দিনৰ আৰক্ষীৰ জিম্মাত লৈছিল সুমন, ৰাজ আৰু আন তিনি অভিযুক্তক। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *