ৰেপিড' বাইকত যাতায়ত কৰা গ্ৰাহকৰ বাবে দুঃখবৰ দিলে উচ্চ ন্যায়ালয়ে। ১৬ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ হৈ গ'ল ৰেপিড',OLA আৰু UBER ৰৰ বাইক সেৱা। কংগ্ৰেছ শাসিত কৰ্ণাটকত অস্থায়ী ৰূপে বন্ধ হৈ গ'ল ৰেপিড',OLA আৰু UBER ৰৰ বাইক সেৱা। কৰ্ণাটকত ৰেপিড',OLA আৰু UBER ৰৰ বাইক সেৱা বন্ধ হৈ যোৱাৰ ফলত বিপদত পৰিছে ১ লাখ ৰেপিড'ৰ বাইক চালক। কৰ্ণাটক চৰকাৰে ৰাজ্যখনত ৰেপিড',OLA আৰু UBER ৰৰ বাইক সেৱা বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষক। ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সংশ্লিষ্ট কোম্পানীৰ কৰ্তৃপক্ষ।
বিগত ১৩ জুনত অনলাইন বাইক সেৱা প্ৰদান কৰা কোম্পানীৰ আবেদন খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে।
বৰ্তমান ৰাজ্য চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী হৈ থাকিব যদিও আবেদনৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব ২৪ জুনত। চলিত বৰ্ষৰ ২ এপ্ৰিলৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা অনলাইন বাইক সেৱা বন্ধ ৰখাৰ নিৰ্দেশ ন্যায়ালয়ৰ। মটৰ বাহন আইনৰ অধীনত অনলাইন বাইক সেৱাৰ বাবে বিশেষ গাইডলাইন জাৰি কৰিব লাগিব কৰ্ণাটক চৰকাৰে। তিনি মাহৰ ভিতৰত ৰাজ্য চৰকাৰক গাইড লাইন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।