'সোনম ৰঘুবংশীক জে'ললৈ প্ৰেৰণ কৰি লাভ নাই,তাইক আৰক্ষীয়ে এনকাউন্টাৰ কৰক', সোনম ৰঘুবংশীক এনকাউন্টাৰ কৰিবলৈ দাবী উত্থাপিত কৰিছে ভুক্তভোগী ৰাজা ৰঘুবংশীৰ পৰিয়ালে।
প্ৰেমিকৰ সৈতে লগ লাগি সোনম ৰঘুবংশীয়ে হত্যা কৰিছিল স্বামী ৰাজা ৰঘুবংশীক। হত্যা কাণ্ডৰ তদন্ত কৰি থকাতকৈ আৰক্ষীয়ে সোনম ৰঘুবংশীক এনকাউন্টাৰ কৰিবলৈ দাবী উত্থাপিত কৰিলে ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিনে। পৰিকল্পিত হত্যাকাণ্ডৰ সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে ভালদৰে তদন্ত কৰিছে বুলি মন্তব্য কৰিছে ভাতৃ বিপিন ৰঘুবংশীয়ে। আনহাতে, সোনম ৰঘুবংশীৰ আজীৱন কাৰাদণ্ড হ'ব লাগে বুলি দাবী জনাইছে ৰাজা ৰঘুবংশীৰ জ্যেষ্ঠ ভাতৃ শচীনে।
সোনম ৰঘুবংশীয়ে স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ বাবে দুটাকৈ ব্লু-প্ৰিন্ট ৰচনা কৰিছিল। স্বামী ৰাজাক হত্যা কৰিবলৈ ৩ হত্যাকাৰী সোনমে নিজেই নিয়োগ কৰাৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ জেৰাত। ইতিমধ্যে মেঘালয় আৰক্ষীয়ে সোনমসহ ৫ অভিযুক্তক লগত লৈ ৰাজাক হত্যাৰ দৃশ্য ৰিক্ৰিয়েচন কৰিছে মেঘালয়ত। ৰাজা ৰঘুবংশীৰ হত্যা কাণ্ডত সোনমক সহায় কৰিছিল বিশাল সিং চৌহান, আকাশ ৰাজপুত, ৰাজ কুশ্বৱাহা আৰু আনন্দ কুৰ্মীয়ে।