লামডিঙৰ পাছত এইবাৰ লখিমপুৰত ৰহস্যজনক মৃত্যু এগৰাকী বোৱাৰীৰ। বোৱাৰীৰ মৃত্যুক পৰিকল্পিত হ*ত্যাকা*ণ্ডৰ অভিযোগ বোৱাৰী গৰাকীৰ পৰিয়ালৰ
। স্বামী ৰুবুল শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৃত বোৱাৰীৰ পিতৃ পৰিয়ালে। ইতিমধ্যে পানীগাঁও আৰক্ষী থানাত স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মৃত বোৱাৰীৰ পৰিয়ালে। বোৱাৰী গৰাকীক শাৰিৰীক অত্যাচাৰৰ চলোৱাৰ অভিযোগ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে। পৰিয়ালৰ অভিযোগ যে বোৱাৰী গৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰখাত বাধা প্ৰদান কৰি আহিছিল স্বামী পৰিয়ালে।
দুবছৰ পূৰ্বে লখিমপুৰৰ ৰুবুল শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰী গৰাকী। স্বামীৰ পৰিয়ালে হ*ত্যা কৰি পুখুৰীত পেলাই দিয়াৰ অভিযোগ বোৱাৰী গৰাকীৰ পৰিয়ালৰ। মৰোনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে মৃত্যুৰ প্ৰকৃত ৰহস্য ওলাই পৰিব।