স্বামী আৰু শহুৰৰ বিৰুদ্ধে অত্যাচাৰৰ‌ অভিযোগ উত্থাপন‌ কৰাৰ পূৰ্বে সাৱধান হওঁক!

স্বামী আৰু শহুৰৰ বিৰুদ্ধে অত্যাচাৰৰ‌ অভিযোগ উত্থাপন‌ কৰাৰ পূৰ্বে সাৱধান হওঁক! অত্যাচাৰৰ‌‌ প্ৰমাণ দিব নোৱাৰিলে বিপদত পৰিব পাৰে অভিযোগকাৰী মহিলা। এই‌ সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ টিপ্পনী। প্ৰমাণ অবিহনে অভিযোগ উত্থাপন কৰাটো মানহানিৰ সমিচীন বুলি টিপ্পনী ন্যায়ালয়ৰ। 
বিবাহ বিচ্ছেদৰ এক গোচৰত এগৰাকী স্বামীৰ পক্ষত ৰায় দিয়াৰ‌ সময়ত এই গুৰুত্বপূৰ্ণ টিপ্পনী দিলে ন্যায়ালয়ে-"স্বামী আৰু শহুৰৰ বিৰুদ্ধে প্ৰমাণ অবিহনে অত্যাচাৰৰ‌ অভিযোগ উত্থাপন‌ কৰাটো মানহানিৰ সমিচীন,এনেধৰণৰ অভিযোগে মানসিক হাৰাশাস্তিৰ সৃষ্টি কৰে,এনেধৰণৰ মিছা অভিযোগৰ বাবে বিবাহ বিচ্ছেদৰ আবেদনকাৰীৰ সপেক্ষ ৰায়দান প্ৰদান কৰা হয়"। 
মাদ্ৰাজ উচ্চ ন্যায়ালয়ে আজি এক গোচৰৰ শুনানী দি কৰা এই টিপ্পনী কৰে। এগৰাকী মহিলাই দিয়া বিবাহ বিচ্ছেদৰ এক গোচৰত স্বামীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰি আদালতত উজুতি খাব লগা হয়। 
মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই টিপ্পনীৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *