পৃথিৱীৰ আকাশত বৰ্তমান উৰা মৰা উৰাজাহাজ সমূহ কেৱল দুটা কোম্পানীয়ে নিৰ্মাণ কৰে। এটা হৈছে বয়িং আৰু আন এটা হৈছে এয়াৰবাছ। এই দুটা কোম্পানীয়ে নিৰ্মাণ কৰা উৰাজাহাজ সমূহ বিশ্বৰ বিভিন্ন এয়াৰলাইন কোম্পানীয়ে ক্ৰয় কৰি নিজৰ এয়াৰলাইনৰ ব্যৱসায়ী চলাই আছে। যেনে এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিগ', এমিৰেটছ্, আমেৰিকেন এয়াৰলাইন ইত্যাদি।
বয়িং উৰাজাহাজ আমেৰিকাত নিৰ্মাণ কৰা হয় আৰু এয়াৰবাছ নিৰ্মাণ কৰা হয় ফ্ৰান্সত। ১৯১৬ চনৰ ১৫ জুলাইত স্থাপিত কৰা হৈছিল বয়িং কোম্পানী। প্ৰথমতে এই কোম্পানীটোৰ নাম আছিল পেছিফিক এয়াৰো প্ৰডাক্ট। কিন্তু ১৯১৭ চনত ইয়াৰ নাম সলনি কৰি নতুন নাম দিয়া হ'ল। যি এতিয়া বয়িং হিচাপে পৰিচিত। আনহাতে ১৯৭০ চনৰ ১৮ ডিচেম্বৰত স্থাপিত কৰা হৈছিল এয়াৰবাছ উৰাজাহাজ কোম্পানী।
বৰ্তমান সমগ্ৰ বিশ্বতে এয়াৰবাছৰ প্ৰায় ১৩ হাজাৰ বিমান আছে আৰু বয়িঙৰ প্ৰায় ৮ হাজাৰ বিমান আছে। বিগত ৫ বছৰত এয়াৰবাছৰ বিমান ১২২ বাৰ দুৰ্ঘটনাত পতিত হৈছে। আনহাতে, বয়িঙৰ বিমান ৪২৫ বাৰ দুৰ্ঘটনাত পতিত হৈছে। তাৰে ভিতৰত ভাৰতৰ আহমেদাবাদ বিমান দুৰ্ঘটনা আৰু ২০১০ চনৰ কৰ্ণাটকৰ মেংগলোৰৰ দুৰ্ঘটনা অন্যতম।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা বিমান বয়িং কোম্পানীৰ।
দুয়োটা কোম্পানীৰ বিমানক লৈ বিভিন্ন পাইলটে বিভিন্ন মন্তব্য আগবঢ়ায়। একাংশই যদি বয়িং আৰু আন একাংশই এয়াৰবাছৰ বিমান উৰুৱাই ভাল পায়। উল্লেখ্য যে, এয়াৰবাছ উৰুওৱাৰ সময়ত সৰহ সংখ্যক কাম মেচিনে কৰে আৰু বয়িঙৰ বিমানত পাইলটৰ দায়িত্ব কিছু পৰিমাণে বেছি। এই দুয়োটা কোম্পানীয়ে কেৱল যাত্ৰীবাহী উৰাজাহাজৰ লগতে যুঁজাৰু বিমান, হেলিকপ্টাৰ, ৰকেট, মহাকাশযান আদিও নিৰ্মাণ কৰে।
উল্লেখ্য যে, ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই জাপানৰ হিৰোছিমা আৰু নাগাছাকিৰ ওপৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰিবলৈ বয়িং কোম্পানীৰ বিমান ব্যৱহাৰ কৰিছিল।
মাচুম চৌধুৰী, NewzNow