ৰাজধানী,শতাব্দী অথবা বন্দে ভাৰত নহয়, ভাৰতত আটাইতকৈ বেছি প্ৰাধান্য লাভ কৰা ৰে'লগাড়ী কোনখন?
ভাৰতবৰ্ষৰ লাইফলাইন হিচাপে পৰিচিত হৈছে ভাৰতীয় ৰে'লৱে। ভাৰতবৰ্ষত সদায় লাখ লাখ যাত্ৰী দেশৰ এঠাইৰ পৰা আন এঠাইলৈ লৈ ৰে'লেৰে যাত্ৰা কৰে। বৰ্তমান সময়ত ভাৰতবৰ্ষত ১৩ হাজাৰতকৈ অধিক ৰে'লগাড়ীয়ে সদায় নিজৰ যাত্ৰা আৰম্ভ কৰে। এই ৰে'ল সমূহৰ ভিতৰত কেইখনমান ৰে'লগাড়ী বিশেষ। সেই ৰে'লগাড়ী কেইখনে নিজৰ যাত্ৰাপথত আটাইতকৈ বেছি প্ৰাধান্য লাভ কৰে। যেনে ৰাজধানী এক্সপ্ৰেছ, বন্দে ভাৰত এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, গতিমান এক্সপ্ৰেছ আৰু মহাৰাজা এক্সপ্ৰেছ। এই ৰে'লগাড়ী কেইখনে যাত্ৰা কৰাৰ সময়ত অন্য ৰে'লতকৈ এই কেইখন ৰে'লৰ বাবে সোনকালে অন্য ৰে'ল ৰখাই ৰে'লপথ খালি কৰি চলাচলৰ সুবিধা কৰি দিয়া হয়।
কিন্তু ভাৰতত এখন এনেকুৱা ৰে'লগাড়ী আছে যিখন চলিলে যাত্ৰাপথৰ সকলো ৰে'লগাড়ী ৰখাই দিয়া হয় আৰু সেই বিশেষ ৰে'লগাড়ী খনক যাবলৈ বাট এৰি দিয়া হয়। সেইখন ৰে'লগাড়ী হৈছে ভাৰতৰ ARMV ৰে'ল অৰ্থাৎ Accident Relief Medical Van।
যেতিয়াই ৰে'ল দুৰ্ঘটনা সংঘটিত হয়, তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলীলৈ এই ৰে'লগাড়ী খনে যাত্ৰা কৰে আৰু আহত যাত্ৰী সকলক চিকিৎসা প্ৰদান কৰে। এই ARMV ৰে'লৰ ভিতৰত এখন চিকিৎসালয়ৰ দৰে সম্পূৰ্ণ সুবিধা আছে। দেশৰ বিভিন্ন ৰে'লৱে ষ্টেচনত এই ৰে'লগাড়ী খন সাজু কৰি ৰখা আছে। অসমৰো গুৱাহাটীকে আদি কৰি বিভিন্ন ৰে'লৱে জংচনত এই ARMV ৰে'লখন উপস্থিত আছে।
মাচুম চৌধুৰী, NewzNow