আমেৰিকাত খোল খাব আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ৰহস্য। এয়াৰ ইণ্ডিয়াৰ ড্ৰীমলাইনাৰ বিমানখনৰ উদ্ধাৰ হোৱা দুটাকৈ ব্লেক বক্স প্ৰেৰণ কৰা হ'ব আমেৰিকালৈ।
আমেৰিকাৰ 'নেচনেল ট্ৰান্সপোৰ্টেচন ছেফ্টি বৰ্ড'ৰ পৰীক্ষাগাৰত পৰীক্ষা কৰা হ'ব উদ্ধাৰ হোৱা ব্লেক বক্স দুটা। ১২ জুনত সংঘটিত ভয়ংকৰ বিমান বিস্ফোৰণৰ ফলত সামান্য ক্ষতি হৈছিল ককপিট ভয়চ ৰেকৰ্ডাৰ আৰু ফ্লাইট ডাটা ৰেকৰ্ডাৰ।
উল্লেখযোগ্য যে,১২ জুনত আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল বিমানখনৰ দুটাকৈ ব্লেক বক্স। ক্ষতিগ্ৰস্ত ব্লেক বক্স দুটাৰ পৰা তথ্য আহৰণ কৰিবলৈ বিশেষ পৰীক্ষাগাৰ উপলব্ধ নাই ভাৰতত। সেয়েহে সামান্যভাবে ক্ষতিগ্ৰস্ত ব্লেক বক্স দুটাৰ পৰা দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আনিবলৈ পৰীক্ষা কৰা হ'ব আমেৰিকাত। ভাৰত চৰকাৰৰ উচ্চপদস্থ বিষয়াই আমেৰিকালৈ লৈ যাব বিধস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ব্লেক বক্স দুটা।
উল্লেখযোগ্য যে,অভিশপ্ত বিমানখন দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছিল ২৭০ গৰাকী লোক। অৱশ্যে এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কেইবাজনো লোকৰ অৱস্থা সংকটজনক। এই পৰ্যন্ত DNA পৰীক্ষাৰ সহায়ত চিনাক্ত কৰা হৈছে ২১৪ গৰাকী লোকৰ মৃতদেহ। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল এখন উচ্চস্তৰীয় কমিটী।