এটা মাত্ৰ ভুলৰ বাবেই ক্ষণিকতে প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৫ জনকৈ সদস্যই

এটা মাত্ৰ ভুলৰ বাবেই ক্ষণিকতে প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৫ জনকৈ সদস্যই। তীব্ৰ বেগত অহা চাৰিচকীয়া বাহনে দলঙৰ খুটাত খুন্দা মাৰি চিটিকি পৰিছিল পদপথত।  লগে লগে জ্বলি উঠিছিল ৬ গৰাকী যাত্ৰী থকা বাহনখন। বাহনখনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈছিল ৫ গৰাকীকৈ  যাত্ৰী। সৌভাগ্যক্ৰমে গাড়ীখনত থকা এগৰাকী কন্যা শিশুৰ প্ৰাণ বাচিল যদিও জীৱন মৃত্যুৰে যুঁজি আছে চিকিৎসালয়ৰ বিচনাত। জ্বলি উঠা দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ ভিতৰৰ পৰা ওলিয়াই আহিবলৈ সক্ষম নহ'ল এগৰাকীও যাত্ৰী। দুৰ্ঘটনাত পতিত বাহনখনত একেলগে জীৱন্তে জ্বলিল তনবীৰ আহমেদ সহ তেওঁৰ পৰিয়ালৰে ৫ গৰাকীকৈ সদস্য। এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত। 
উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ যাত্ৰা কৰাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হৈছিল পৰিয়ালটোৰ সৈতে। ১৬ জুনত সম্পৰ্কীয়ৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উত্তৰ প্ৰদেশলৈ আহিছিল তনবীৰৰ পৰিয়াল। উভতনি যাত্ৰাৰ সময়ত তীব্ৰ বেগত বাহন চলোৱাৰ বাবেই সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *