শ্ৰী কৃষ্ণ আগৰৱালাৰ SK Petroক ব্লেক লিষ্ট কৰাৰ দাবী বীৰ লাচিত সেনাৰ

শিৱসাগৰৰ বাৰীচুকত থকা অএনজিচিৰ ১৪৭(এ) ৰীগত হোৱা অসৰহ গেছ নিৰ্গমণৰ পিছতেই উন্মোচিত হৈছে ইটোৰ  পিছত সিটো অধ্যায়। ONGC ৰ ঠিকাভিত্তিক ব্যক্তিগত কোম্পানী সমূহত  কৰ্মৰত কৰ্মচাৰীৰ প্ৰতি কৰি অহা প্ৰৱঞ্চনা-লুন্ঠনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে বীৰ লাচিত সেনাই। শ্ৰী কৃষ্ণ আগৰৱালাৰ SK Petroই আদায় দিয়া নাই বহু কৰ্মচাৰীৰ পিএফৰ ধন। 
আজি আঠ দিনত ভৰি দিলে শিৱসাগৰৰ ভেটাপাৰাৰ বাৰীচুকত ৰীগৰ পৰা গেছ নিৰ্গমন হোৱাৰ ঘটনা। কিন্তু আজি পৰ্যন্ত  গেছ নিৰ্গমণ ৰোধ কৰিব নোৱাৰিলে ONGC কতৃপক্ষই , অভিশপ্ত ৰীগটোৰ স্বত্বাধীকাৰী এছ.কে.পেট্ৰৰ মালিক শ্ৰী কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ONGCয়ে। এই অভিযোগেৰে শিৱসাগৰত প্ৰতিবাদ অব্যাহত ৰাখিছে বীৰ লাচিত সেনাই। 
অএনজিচিক অনতিপলমে ৰীগৰ দুৰ্যোগ প্ৰশমন কৰিবলৈ দাবী জনোৱাৰ লগতে এছ.কে.পেট্ৰক ব্লেক লিষ্ট কৰিৰ উপৰিও ONGCয়ে ব্যক্তিগত কোম্পানীক ঠিকাভিত্তিক ৰীগ চলোৱা কাৰ্য সম্পূৰ্ণ ৰূপে বন্ধ কৰি কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ দাবী জনাই ।
আনহাতে অহা ২৩ জুন তাৰিখে অএনজিচি অসম সম্পদৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি, এই ঘেৰাও কাৰ্যসূচীত অএনজিচিৰ তৰফৰ পৰা চলিত সমস্যা সন্দৰ্ভত সকলো উত্তৰ দিব লাগিব বুলিও দাবী কৰে বীৰ লাচিত সেনাই। অসমৰ পৰা তেল নিব আৰু ONGCৰ সিদ্ধান্তসমূহ দিল্লীৰ পৰা হ'ব, সেয়া কেনে কথা। ব্যক্তিগত ৰীগৰ থলুৱা কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষা কৰি  ONGC ত সংস্থাপন দিয়াৰ দাবী জনাই বীৰ লাচিত সেনাৰ শৃংখল চলিহাই। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *