চলিত বৰ্ষৰ ১ জুলাইৰ পৰা বৃদ্ধি পাব ট্ৰেইনৰ টিকটৰ মূল্য!

ৰে'লত যাত্ৰা কৰা সকলৰ বাবে আহিছে এটা দুঃখবৰ। চলিত বৰ্ষৰ ১ জুলাইৰ পৰা বৃদ্ধি পাব পাৰে ট্ৰেইনৰ টিকটৰ মূল্য। ২০১৯ চনৰ ক'ভিড মহামাৰীৰ পাছত প্ৰথমবাৰলৈ বৃদ্ধি পাব পাৰে ট্ৰেইনৰ টিকটৰ মূল্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম 'দ্যা ইকনমিকছ টাইম'ৰ বাতৰি অনুসৰি,Non-Ac এক্সপ্ৰেছত প্ৰতি কিলোমিটাৰত ১ পইচা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 
আনহাতে,AC ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰত ২ পইচা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ৫০০ কিলোমিটাৰ যাত্ৰা কৰা উপনগৰীয় টিকটত আৰু দ্বিতীয় শ্ৰেণীৰ টিকটত কোনো ধৰণৰ ভাড়া বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই।  ৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব যাত্ৰা কৰা যাত্ৰীয়ে টিকটৰ বিনিময়ত ভৰিব লাগিব পাৰে অধিক ধন। 
তাৰোপৰি MST বা Monthly Season Ticket ৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই। জৰুৰীকালীন টিকটৰ বুকিঙৰ ক্ষেত্ৰত কিছু নিয়ম শিথিল কৰিছে ৰে'লৱে কৰ্তৃপক্ষই। ১ জুলাইৰ পৰা জৰুৰীকালীন টিকটৰ বুকিঙৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব OTP ৰ ভেৰিফিকেশ্যন। জৰুৰীকালীন টিকট বুকিঙৰ ক্ষেত্ৰত যাত্ৰীৰ আধাৰ সংযোজিত মোবাইল নাম্বাৰলৈ প্ৰেৰণ কৰা হ'ব OTP। ৰে'লৱে সেৱাক অধিক উন্নত মানৰ কৰিবলৈ ভাড়া বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ৰে'লৱে কৰ্তৃপক্ষই। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *