Assam Weather Updates : ৰাজ্যত পুনৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। প্ৰবল ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা। বুধবাৰে ৰাজ্যৰ কেইবাখনো জিলাত হ'ব পাৰে প্ৰবল ধুমুহা-বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলার্ট।
বিজুলী-ঢেৰেকনিৰ সৈতে প্ৰতিঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগেৰে বতাহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰৰ বাবে জাৰি কৰিছে সতৰ্কবাণী। ৰাজ্যৰ কোন কোন জিলালৈ জাৰি কৰা হৈছে সতৰ্কতা।
বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰৰ বাবে ইয়েল’ এলাৰ্ট জাৰি কৰিছে ২০ খন জিলালৈ। তাৰ ভিতৰত- ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, কামৰূপ, কামৰূপ (মেট্ৰ’), ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, হোজাই আৰু কাৰ্বি আংলং জিলাত।
পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি, হাইলাকান্দি, ডিমা হাছাও আৰু কাছাৰ জিলাৰ বাবেও বুধবাৰৰ দিনটোৰ বাবে ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে।
এই সময়ছোৱাত কোনো কোনো স্থানত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। একেদৰে, বিজুলী-ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতিঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে ।
