এটি কিশোৰৰ বেটৰ যাদু দেখি স্তম্ভিত অসমৰ ক্ৰিকেটপ্ৰেমী মহল। ১৩ বছৰ অনুৰ্ধৰ ক্ৰিকেট টুৰ্নামেণ্টত অবিশ্বাস্য ইনিংছ খেলি চমক সৃষ্টি কৰা নলবাৰীৰ জন্ময় ৰাজবংশীৰ চৰ্চা এতিয়া সকলোৰে মুখে মুখে। ক্ৰিকেটানুৰাগীৰ মুখত জন্ময়ৰ তুলনাৰ বাবে এটাই নাম, IPLৰ বিস্ময় বালক বৈভৱ সূৰ্যবংশী। যেন বৈভৱ সূৰ্যবংশীৰেই স্থানীয় সংস্কৰণ জন্ময় ৰাজবংশী এতিয়া যথাৰ্থতেই অসম ক্ৰিকেটৰ নৱতম চাঞ্চল্য!
৩৫ অভাৰৰ এখন খেলত ১৩৯টা বলত দুৰ্দান্ত ৪২৪ ৰানৰ ইনিংছ নলবাৰীৰ গৰ্ডন ক্ৰিকেট একাডেমিৰ প্ৰশিক্ষাৰ্থী জন্ময় ৰাজবংশীৰ। দীপৰ বিলত চলি থকা ১৩ বছৰ অনুৰ্ধৰ সদৌ অসম ক্লাব পৰ্যায়ৰ ক্ৰিকেট টুৰ্নামেণ্টত 'ৰান মেচিন'ৰ ৰূপত চমক দেখুৱালে এইগৰাকী কিশোৰ খেলুৱৈয়ে৷
গুৱাহাটীৰ ৰাইন' লেন আৰু নলবাৰীৰ গৰ্ডন ক্ৰিকেট একাডেমিৰ মাজত অনুষ্ঠিত মেচত জন্ময়ে চমকপ্ৰদ ইনিংছ খেলি সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হয়৷ প্ৰথমতে ৩১ টা বলত ১০০ ৰান সংগ্ৰহ কৰা তৰুণ ক্ৰিকেটাৰজনে ৬৬ টা বলত ২০০ ৰান, ৯৮ টা বলত ৩০০ ৰান আৰু ১৩১ টা বলত ৪০০ ৰান সম্পূৰ্ণ কৰাৰ পাছত ১৩৯ টা বলত মুঠ ৪২৪ ৰান সংগ্ৰহ কৰি চকু কপালত তুলিলে দৰ্শকৰ। নিজৰ ছাত্ৰৰ এই দুৰ্দান্ত প্ৰদৰ্শনত অভিভূত হৈ পৰিল গৰ্ডন ক্ৰিকেট একাডেমিৰ প্ৰশিক্ষক মহেশ্বৰ হালৈ।
উল্লেখযোগ্য যে, নলবাৰীৰ আল্লিয়াৰ বাসিন্দা এই বিস্ময় বালকৰ পিতৃ নিৰঞ্জন ৰাজবংশী এগৰাকী ব্যৱসায়ী আৰু মাতৃ মাধৱী ৰাজবংশী নলবাৰী জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী।সম্প্ৰতি আল্লিয়াৰ বাপুজী জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত জন্ময়ৰ সাফল্যত স্বাভাৱিকতে উৎফুল্লিত পিতৃ-মাতৃ।
তেনেই কম বয়সতে অভাৱনীয় প্ৰতিশ্ৰুতি বহন কৰা এই বিস্ময় বালকৰ প্ৰতিভাক এতিয়া আগুৱাই নিয়াৰ দায়িত্ব সংশ্লিষ্ট সকলোৰে। সকলোৰে প্ৰত্যাশা অবিৰত উত্তৰণেৰে আগন্তুক সময়ত বিশ্ব দৰবাৰত জিলিকি উঠিব অসমৰ এই বিস্ময় বালক জন্ময় ৰাজবংশী।।