লংকাৰ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন একাংশ লোক। লংকাত আৰৱান পানী যোগান আঁচনিৰ পানী সেৱন কৰি অসুস্থ প্ৰায় ২৮ টা পৰিয়াল । আৰৱান পানী যোগান আঁচনিৰ পানীৰ পাইপ নিৰ্মান কৰা অৱস্থাত পাইপ ফাটি যোৱাৰ বাবে বাহিৰৰ নলাৰ পানী সোমোৱাৰ অভিযোগ । ফলত উক্ত পানী ৰাইজে সেৱন কৰাত লংকাৰ বহু লোক অসুস্থ হৈ পৰা লগতে বমি, ডায়েৰীয়া আদি ৰোগত আক্ৰান্ত হৈছে । ইতিমধ্যেই, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী লংকাত উপস্থিতি হৈ ঘটনা সন্দৰ্ভত বুজ লোৱাৰ লগতে এক সজাগতা সভাৰ জৰিয়তে ৰাইজক সজাগ কৰে । জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে, উক্ত আৰৱান পানী যোগান আচনীটোৰ পানী অশুদ্ধ বুলি জানিব পাৰি ততাতয়াকৈ উক্ত পানী ইতিমধ্যেই ৰাইজৰ বাবে বন্ধ কৰি দিয়া হৈছে।। তাৰ বিপৰীতে অন্য পানী যোগান আচনীৰ পৰা উক্ত অঞ্চলৰ ৰাইজৰ বাবে ২৪ ঘন্টাই পানী দিয়াৰ ব্যৱস্হা,আৰু দুখনকৈ এম্বুলেন্স আৰু টৌলফ্ৰী নম্বৰৰ ব্যবস্থাও কৰা হৈছে।।