গৰম বন্ধৰ পূৰ্ৱে ৰাজ্যৰ শিক্ষকসকললৈ নিৰ্দেশনা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ। শুকুৰবাৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিলে বিশেষ জাননী।
শিক্ষকসকলে বাধ্যতামূলকভাৱে পুৱা ৯ বজাৰ পূৰ্ৱে উপস্থিত হ’ব লাগিব বিদ্যালয়ত।নন-টীচিং ষ্টাফ উপস্থিত হ’ব লাগিব পুৱা ১০ বজাত । নন-টীচিং ষ্টাফ বিদ্যালয়ত উপস্থিত থাকিব লাগিব ৪.৩০ বজালৈ।
শিক্ষা সেতু এপত সঠিকভাৱে ৰেকৰ্ড হ’ব লাগিব শিক্ষকসকলৰ স্কুললৈ অহা আৰু যোৱাৰ সম্পূৰ্ণ সময়।
প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব শ্ৰেণী শিক্ষক। প্ৰতিদিনে প্ৰধান শিক্ষকে ভেৰিফাই কৰিব লাগিব উপস্থিতিৰ তথ্য।
এতিয়াৰে পৰা হাইস্কুল পৰ্যায়তো পাঠদান কৰিব লাগিব সকলো স্নাতকোত্তৰ শিক্ষকে । এই সকলো বিষয় নিৰীক্ষণ কৰিব লাগিব প্ৰধান শিক্ষকে।