পৰিবহণ বিভাগৰ নতুন ঘোষণা,১ নৱেম্বৰৰ পৰা ১০ বছৰ পুৰণি বাহনক দিয়া নহ’ব ইন্ধন

No Fuel For Old Cars: পৰিবহণ বিভাগৰ নতুন ঘোষণা, ১ নৱেম্বৰৰ পৰা ১০ বছৰ পুৰণি বাহনক দিয়া নহ’ব ইন্ধন।  পেট্ৰ’ল পাম্পসমূহে নিৰ্ধাৰিত সীমা অতিক্ৰম কৰা বাহনসমূহক  দিব নোৱাৰিব  পেট্ৰ’ল আৰু ডিজেল। বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে (চিএকিউএম) নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি ১০ বছৰৰ ওপৰৰ ডিজেল বাহন আৰু ১৫ বছৰৰ ওপৰৰ পেট্ৰ’ল বাহনৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য। নয়ডাৰ আঞ্চলিক পৰিবহণ কাৰ্যালয়ে সদৰী কৰিছে এই তথ্য।
এই নিৰ্দেশনাৰ কঠোৰ ৰূপায়ণ কৰিবলৈ সমগ্ৰ নয়ডা আৰু গাজিয়াবাদৰ পেট্ৰ’ল পাম্পসমূহত অটোমেটিক নম্বৰ প্লেট চিনাক্তকৰণ (এএনপিআৰ) কেমেৰা লগোৱা হ’ব। এই উচ্চ প্ৰযুক্তিৰ ব্যৱস্থাসমূহে তৎক্ষণাত বাহনৰ পঞ্জীয়ন প্লেট স্কেন কৰি পৰিবহণ বিভাগৰ ৰেকৰ্ডৰ সৈতে ক্ৰছ চেক কৰিব। সময় সীমাৰ বাহিৰত বুলি চিনাক্ত কৰা যিকোনো বাহনৰ তৎক্ষণাত ইন্ধন প্ৰত্যাখ্যান কৰা হ’ব।
আনহাতে, আৰ টি অ’ই বাহনৰ মালিকসকলক পৰামৰ্শ দিছে যে  বাহনসমূহ এন চি আৰৰ বাহিৰলৈ স্থানান্তৰিত কৰক  আপত্তিহীন প্ৰমাণপত্ৰ (এন অ’ চি) লাভ জড়িয়তে নহ'লে স্বেচ্ছাই Surrender কৰক। কৰ্তৃপক্ষই সকীয়াই দিছে যে এই নিয়ম মানি নচলিলে বাহন জব্দ হ’ব পাৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *