পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন! পদপিষ্ট হৈ মৃত্যু ৩, ৫০জনৰো অধিক আহত

দেওবাৰে ওড়িশাৰ পুৰীত বাৰ্ষিক ৰথ যাত্ৰাৰ সময়ত সংঘটিত হয় অঘটন।  শ্ৰী গুণ্ডিচা মন্দিৰৰ সমীপত পদপিষ্ট হৈ ৩ জন ভক্ত নিহত হোৱাৰ লগতে ৫০জনৰো অধিক আহত হয়। দেওবাৰে পুৱা প্ৰায় ৪-৫ বজাত ৰথযাত্ৰাপ সমদল গুণ্ডিচা মন্দিৰত উপস্থিত হোৱাৰ সময়তে ভগৱান জগন্নাথৰ ৰথ নন্দিঘোষৰ সন্মুখত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো।
গন্তব্যস্থানত তিনিখন ৰথ  উপস্থিত হোৱাৰ লগে লগে ভগৱানৰ দৰ্শন কৰিবলৈ ভক্তৰ ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হয়। ফলত কেইবাগৰাকীও ভক্ত ৰথৰ চকাৰ ওচৰতে ইজনে-সিজনৰ ওপৰত পৰি যায়। অত্যাধিক ঠেলাহেচাৰ ফলত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত  কৰুণ মৃত্যুক সাৱটিলে ৩ জনে, আহত হৈছে ৫০জনৰো অধিক ভক্ত। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আহতসকলৰ ভিতৰত ছজন ভক্তৰ অৱস্থা সংকটজনক।
আনহাতে নিহত ৩ জন হৈছে খোৰদা জিলাৰ বলাগড়ৰ বাসন্তী সাহু, প্ৰেমাকান্ত মহন্ত আৰু বলিয়ানতা ব্লকৰ অন্তৰ্গত অথন্তৰা গাঁৱৰ প্ৰভাতী দাস। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন মাঝীয়ে তাৎক্ষণিক তদন্তৰ ঘোষণা কৰাৰ লগতে ঘচনাৰে দায়ীসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া দিছে। 
উল্লেখ্য যে ১০ লাখৰো অধিক লোকে পুৰীৰ ৰথ যাত্ৰাত অংশগ্ৰহণ কৰে। পুৰী প্ৰশাসনৰ তথ্য অনুসৰি দুদিনীয়া ৰথ যাত্ৰাত ১০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। ৰথযাত্ৰাৰ প্ৰথম দিনটোত শুকুৰবাৰে ১০ লাখৰো অধিক ভক্তই অংশগ্ৰহণ কৰিছিল। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *