সমগ্ৰ ৰাজ্যৰ লগতে বাইহাটা চাৰিআলিতো গৰু চোৰৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।
ৰাজ্যৰ গো পালক আৰু কৃষকসকলক কৰা প্ৰবঞ্চনাৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে ৩২ নং কমলপুৰ সমষ্টিৰ বিহদিয়া জাজিকোনা ব্লক, বেজেৰা ব্লক আৰু কমলপুৰ ব্লক কংগ্ৰেছৰ সহযোগত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক মতলেবুদ্দিন আহমেদৰ নেতৃত্বত ৰূপায়িত এই কাৰ্যসূচীত বিজেপি মুৰ্দাবাদ , দিগন্ত কলিতা গৰু চোৰ , জয়ন্ত মল্ল গৰু চোৰ ধ্বনীৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলে ৷ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মী সকলে অভিযুক্ত গৰু চুৰিৰ লগত জড়িত বিজেপি নেতা সকলৰ প্ৰতিমূৰ্তি দাহ কৰে ৷