লখিমপুৰৰ হোটেলে-হোটেলে গো মাংস বিচাৰি অভিযান আৰক্ষীৰ

লখিমপুৰৰ হোটেলে-হোটেলে অভিযান আৰক্ষীৰ।  সন্দেহজনক মাংস বিচাৰি  আৰক্ষীৰ এই অভিযান। আৰক্ষীয়ে আটক কৰিছে কেবাজনো লোকক। 
ৰাজ্যত গো মাংসক লৈ সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। মন্দিৰ, নামঘৰ, সত্ৰ আদি ধৰ্মীয় অনুষ্ঠানৰ পৰা ৫ কিঃমিঃ ব্যৱধানৰ ভিতৰত গো-মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে গো-মাংসক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতে ঠায়ে-ঠায়ে আৰম্ভ হৈছে গো-মাংস বিচাৰি অভিযান। 
লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ মাংসৰ হোটেলত অভিযান চলিল আৰক্ষীৰ। লখিমপুৰৰ লালুক-বঙালমৰাস্থিত কেবাখনো হোটেলত অভিযান চলিল আৰক্ষীৰ। লালুকৰ কৰুণাবাৰীৰ হোটেল মুনিম, হোটেল ইলাহীত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে সন্দেহজনক গো-মাংস। ইফালে বঙালমৰাৰ মছজিদ তিনিআলিস্থিত ৰেছমী হোটেলত বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষীৰ সন্দেহজনক মাংস বিচাৰি অভিযান চলিল। এই অভিযানত আৰক্ষীয়ে সন্দেহজনক মাংসৰ প্লাষ্টিক পেকেট ৭টা জব্দ কৰে। অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই, এয়া গো-মাংস নে অইন কিবা? একাংশই এয়া মহৰ মাংস বুলি উল্লেখ কৰিছে। এই সন্দৰ্ভত অধিক তদন্তৰ বাবে ৰেচমী হোটেলৰ এজন লোকক আৰক্ষীয়ে আটক কৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *