মুখ্যমন্ত্ৰী আসনক লৈ গৰম কৰ্ণাটকৰ ৰাজনীতি, সিদ্দাৰামায়া আৰু শিৱকুমাৰৰ মাজত সৃষ্টি হৈছে শীতল যুজঁ

মুখ্যমন্ত্ৰী আসনক লৈ গৰম হৈছে কৰ্ণাটকৰ ৰাজনীতি। যিকোনো মূহুৰ্তত ডাঙৰ খবৰ আহিব পাৰে কৰ্ণাটকৰ পৰা । কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আসনক লৈ সিদ্দাৰামায়া আৰু ডে কি শিৱকুমাৰৰ মাজত সৃষ্টি হৈছে শীতল যুজঁ। আঢ়ৈ বছৰৰ পাছত উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী আসন এৰি দিয়াৰ কথা আছিল সিদ্দাৰামায়াই। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সিদ্দাৰামায়াই মুখ্যমন্ত্ৰী আসন এৰি নিদিলে ওলট-পালট হৈ যাব পাৰে কৰ্ণাটকৰ ৰাজনীতি। কৰ্ণাটকৰ ১০০ গৰাকী বিধায়কে সিদ্দাৰামায়াৰ সলনি মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক!
শেহতীয়াকৈ এই দাবী কৰিছিল ৰামনগৰাৰ কংগ্ৰেছৰ বিধায়ক ইকবাল হুছেইনে। চৰ্চা অনুসৰি, উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী আসন এৰি নিদিলে কৰ্ণাটকত ভাঙোন সৃষ্টি হ'ব পাৰে কংগ্ৰেছ চৰকাৰত। মুখ্যমন্ত্ৰী সলনিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই। মুখ্যমন্ত্ৰী হিচাপে ৫ বছৰ সম্পূৰ্ণ কৰিব বুলি দাবী কৰিছিল সিদ্দাৰামায়াই। মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই এই দাবী কৰাৰ পাছতেই অসহায় হৈ পৰিছে উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ। 
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা সিদ্দাৰামায়াক আঁতৰোৱাৰ পক্ষপাতী নহয় কংগ্ৰেছৰ হাইকামাণ্ড। বিষয়টোৰ সংক্ৰান্তত হাইকামাণ্ডৰ নিৰ্দেশনা পালন কৰিব বুলি মন্তব্য কৰিছিল উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে। তথাপিও মুখ্যমন্ত্ৰী আসনক কৰ্ণাটকৰ ৰাজনীতিয়ে আগন্তুক দিনত হতচকিত কৰিব পাৰে হাইকামাণ্ডক। পৰিস্থিতিৰ বুজ ল'বলৈ কংগ্ৰেছ হাইকামাণ্ডে কৰ্ণাটকলৈ পঠাইছে দলৰ মহাসচিব ৰণদ্বীপ সুৰ্জেৱালাক। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *