বিটিআৰত শান্তি সম্প্ৰতি আৰু ঐক্যতা বজাই ৰখাৰ উদ্দেশ্যে চিৰাঙৰ বিজনীত বুধবাৰে সন্ধিয়া ইউপিপিএলৰ বিশাল TORCH RALLY উলিওৱা হয়।
বিজনী জিলা ইউপিপিএলৰ উদ্যোগত উলিওৱা এই শোভাযাত্ৰাটো উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে।
উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ আন এগৰাকী কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব তথা পাৰিষদ মাধৱ চেত্ৰী, বিজনী জিলা ইউপিপিএলৰ সভাপতি ফনীন বড়ো, বিজনী পৌৰসভাৰ সভাপতি গুনেশ্বৰ গয়াৰী সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে।
বড়ো , কোচ ৰাজবংশী, আদিবাসী, হাজং, বাঙালী আদি কৰি বিটিআৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।
বিজনী জিলা ইউপিপিএলৰ কাৰ্যালয় প্ৰাংগনৰ পৰা উলিওৱা এই শোভাযাত্ৰাত ৰাইজে নিজৰ নিজৰ মোবাইলৰ FLASH LIGHT জ্বলাই বিজনী চহৰৰ মাজেৰে গৈ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সমাপ্ত হয়।