পূৰ্বে কৰা ভুলৰ বাবে এতিয়া প্ৰায়চিত্ত কৰিবলৈ বাধ্য হ'ল চীন। জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ নামত পৰিৱেশ তন্ত্ৰ নিঃশেষ কৰাৰ পক্ষপাতি নহয় ৰঙা চীন। এছিয়াৰ ভিতৰতে তৃতীয় দীৰ্ঘতম য়াংজে নদীৰ ওপৰত নিৰ্মিত ৩০০টা নদীবান্ধ ভাঙি পেলাবলৈ বাধ্য হ'ল চীন।
৬,৩০০ কিঃমিঃ দৈৰ্ঘ্যৰ য়াংজে নদীৰ ওপৰত নিৰ্মিত ৩০০ টা নদীবান্ধ ভাঙি পেলোৱাৰ ফলত চীনত বন্ধ হৈ পৰিল ৩৪২ টা জলবিদ্যুৎ কেন্দ্ৰ।
য়াংজে নদীত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ ফলত মাছৰ প্ৰজননত চক্ৰক বিৰূপ প্ৰভাৱ পৰিছিল দাবী কৰিছিল চীনৰ স্থানীয় লোকে। ইয়াৰ পূৰৃবেও চিছুই হে উপনৈ বা ৰঙা নদীৰ ওপৰত নিৰ্মিত ৩০০টা বান্ধ ভাঙি পেলাইছিল চীনে। পৰিস্থিতি তন্ত্ৰৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ সংৰক্ষণৰ স্বাৰ্থত চীনে নদীবান্ধ ভাঙি পেলোৱাৰ সিদ্ধান্তই বিশ্বজুৰি লাভ কৰিছে চৰ্চা।
অৱশ্যে এতিয়াও এতিয়াও ৬০ হাজাৰ মেগাৱাটৰ বিদ্যুৎ উৎপাদন কৰিবলৈ চীনে নিৰ্মাণ কৰি আছে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ।