তবলিগী জামাতলৈ বৃহৎ সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ

তবলিগী জামাতলৈ বৃহৎ সকাহ দিলে ন্যায়ালয়ে। 
দেশত কৰোনা ভাইৰাছ বিয়পাই ফুৰা নাছিল তবলিগী জামাতে, তবলিগী জামাতৰ বিৰুদ্ধে ৰুজু সকলো গোচৰ খাৰিজ কৰি ক'লে দিল্লী উচ্চ ন্যায়ালয়ে। ক'ভিড বিয়োপাই ফুৰা গোচৰত তবলিগী জামাতক নিৰ্দোষী বুলি ৰায় দিলে দিল্লী উচ্চ ন্যায়ালয়ে। 
উল্লেখ্য যে, ২০২০ চনত তবলিগী জামাতে কভিড বিয়োপাই ফুৰা বুলি উত্থাপন হৈছিল গুৰুতৰ অভিযোগ। 
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত হৈছিল তবলিগী জামাত।  নিজামুদ্দিন মাৰ্কাজত ৭০ গৰাকী ভাৰতীয়ৰ লগতে ১৯০ গৰাকী বিদেশী মুছলমান নাগৰিকে অংশগ্ৰহণ কৰিছিল । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকক গ্ৰেপ্তাৰো কৰা হৈছিল । 
দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে সকাহ লাভ কৰিছে তবলিগী জামাতে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *