টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় বেগী বলাৰ মহম্মদ ছামিৰ।
৭ নৱেম্বৰঃ ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।
২০১৩ চনৰ ৬ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটিছিল ছামিৰ।
ভাৰতৰ হৈ ৬৪খন টেষ্ট মেচ খেলি ২২৯টা উইকেট দখল কৰে ছামিয়ে।
অৱসৰৰ কথা ঘোষণা কৰি ছামিয়ে কয় যে ভাৰতৰ টেষ্ট জাৰ্চি পৰিধান কৰাটো তেওঁৰ বাবে এটা সপোন আছিল।
newznow.in