জুবিন গাৰ্গৰ গোচৰ: ‘মোক নহয়, সাক্ষীক প্ৰশ্ন কৰক’ হিমন্তৰ মন্তব্য; অভিযুক্তই জামিন পালে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিব অখিল গগৈয়ে
গুৱাহাটী, ৭ নৱেম্বৰ: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায় বিচাৰৰ দাবীক লৈ এইবাৰ বাকযুদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি ৩০ নৱেম্বৰলৈ পিছুৱাই দিয়াৰ পাছতে ৰাজনৈতিক সংঘাত অধিক তীব্ৰ হৈ পৰে।
সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে এগৰাকী বিধায়কৰ নেতৃত্বত এটা গোটে দুই মূল অভিযুক্তই জামিন লাভ কৰিলে তেওঁৰ বাসগৃহ ঘেৰাও কৰাৰ ভাবুকি দিছে।
প্ৰতিবাদৰ স্থান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে সচিবালয়, উপায়ুক্তৰ কাৰ্যালয় বা আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰাত আপত্তি নাই।
newznow.in